শ্ৰীভূমিৰ পোৱামাৰা বাইপাছত দুই কোটি টকা মূল্যৰ য়াবা টেবলেটসহ আটক এজন যুৱক। বিএছএছএফ আৰু শ্ৰীভূমি সদৰ থানাৰ আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হৈছে প্ৰায় ৫০ হাজাৰ য়াবা টেবলেট।
বিএছএছএফৰ স্পেচিয়েল ইনভেষ্টিগেচন টীম আৰু শ্ৰীভূমি সদৰ থানাৰ আৰক্ষীয়ে শ্ৰীভূমিৰ পোৱামাৰা বাইপাছ অঞ্চলত বিশেষ অভিযান চলায়। সন্দেহজনক এজন যুৱকৰ হাতত থকা ক’লা কেৰী বেগত তালাচী চলাই ২৫টা চাবোনৰ বাকচৰ ভিতৰৰ পৰা উদ্ধাৰ হয় ৫০ হাজাৰ য়াবা টেবলেট। আৰক্ষীৰ তথ্য অনুসৰি, উদ্ধাৰ হোৱা মাদক দ্ৰব্যখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় দুই কোটি টকা।
আটক হোৱা যুৱকজনৰ নাম আলম উদ্দিন। তেওঁৰ ঘৰ শ্ৰীভূমি শহৰৰ ওচৰৰ মোবাৰকপুৰত। ঘটনাস্থলীৰ পৰা আলম উদ্দিনক আটক কৰি সদৰ থানালৈ লৈ অহা হৈছে। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
ডিজিটেল ডেস্ক, ২২ ডিচেম্বৰ :