নিয়মীয়া বাৰ্তা, বেজেৰা, ২৫ এপ্ৰিলঃ দৰং-কামৰূপ সীমান্তৱৰ্তী উত্তৰ লেঙাৰ বুঢ়াগোহাঁই থানত আমবাৰী মিলনজ্যোতি সংঘৰ সৌজন্যত নৱম বাৰ্ষিক মুকলি বিহু উদযাপন কৰা হয়। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মুকলি বিহুৰ পুৱা চাফাই অভিযানৰ পিছত বিহুৰ পতাকা উত্তোলন কৰে লেঙাৰ সমাজসেৱক গোলক চন্দ্ৰ দাসে। বন্তি প্ৰজ্বলন আৰু গছপুলি ৰোপণ কৰা হয়। বিহুত জনপ্ৰিয় ইউটিউবাৰ তথা বাইক ৰাইডাৰ বিকাশ ছেত্ৰী উপস্থিত থাকি বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে। ইয়াৰ পিছত অনুষ্ঠিত হয় মুকলি বিহু। উদ্বোধন কৰে সাহিত্যিক-সমাজকৰ্মী মোহন শইকীয়াই। ইয়াত বিহু হুঁচৰি, বিহু কুঁৱৰী, জেং বিহু ,নেপালী নৃত্য,লাঠি নৃত্যৰ লগতে ভোৰতাল নৃত্যই সকলোকে মুগ্ধ কৰে। আবেলি মুকলি বিহুৰ মুখ্য সভাপতি বাবুল চেত্ৰীয়ে আঁত ধৰা অনুষ্ঠানত বয়োজেষ্ঠ লোকসকলক সম্বৰ্ধনা জনোৱা লগতে আৰ্শীবাদ লয়। সন্ধিয়া মুকলি বিহুত কেইবাজনো শিল্পীয়ে গীত পৰিৱেশন কৰে।
Prev Post
Next Post
You might also like