নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩২ বছৰে যি সন্মান কংগ্রেছত পোৱা নাছিলোঁ, বিজেপিত ৩২ ঘণ্টাতে পালোঁ : ভূপেন বৰা

📌 কইনাধৰাত অমিত শ্বাহক সাক্ষাৎ ভূপেন বৰাৰ

ডিজিটেল ডেস্ক, ২১ ফেব্রুৱাৰী : অসমৰ ভৱিষ্যৎ প্রজন্মক লৈ, জাতিটোৰ ভৱিষ্যতক লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ যি জ্ঞান-গম্ভীৰ চর্চা, তাত মই আশ্বস্ত৷ কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদানৰ অপেক্ষাত থকা ভূপেন বৰাই কালি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি এই মন্তব্য কৰে৷

দুদিনীয়া কার্যসূচীৰে অসমলৈ অহা গৃহমন্ত্রীগৰাকীক কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত সাক্ষাৎ কৰি এক দীঘলীয়া বার্তালাপত মিলিত হয়৷ ভূপেন বৰাৰ আগন্তুক ৰাজনৈতিক কার্যপন্থা কিদৰে আগবাঢ়িব সেই সন্দর্ভত মুখ্যমন্ত্রীৰ উপস্থিতিত চলা এই আলোচনাত বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডাও উপস্থিত থাকে৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক সাক্ষাৎ কৰি যথেষ্ট সুখী হোৱা ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়– ৩২ বছৰে যি সন্মান কংগ্রেছত পোৱা নাছিলোঁ, বিজেপিত ৩২ ঘণ্টাতে পালোঁ৷ মই মুখ্যমন্ত্রী ড০ শর্মাক ধন্যবাদ দিছোঁ– তেওঁ মোৰ ৰাজনৈতিক জীৱন সন্দর্ভত কেন্দ্রীয় গৃহমন্ত্রীক আগতীয়াকৈ সমস্ত বিৱৰণ কৰিছে৷ মই নিজৰ পৰিচয় দিয়াৰ আগতেই গৃহমন্ত্রী অমিত শ্বাহে মই যে অতি সাধাৰণ ঘৰৰ পৰা এই পর্যায় পাইছোঁ, তাক আগতীয়াকৈ অৱগত কৰিলে৷

গৃহমন্ত্রীগৰাকীয়ে অসমীয়া জাতিটোৰ সুৰক্ষাৰ বাবে কৰা চিন্তা–চর্চাই এটা দিশ স্পষ্ট কৰিছে যে অসমৰ ভৱিষ্যৎ আগন্তুক দিনত সুৰক্ষিত ৷ যোৱা ৩২ ঘণ্টাত বিজেপিৰ পৰা লাভ কৰা সন্মানৰ কথা উল্লেখ কৰি ভূপেন বৰাই কয়– মুখ্যমন্ত্রীয়ে মোৰ ঘৰলৈ গৈ বিজেপিত যোগদানৰ বাবে আমন্ত্রণ দিছে, মই সাক্ষাৎ নিবিচৰাৰ পিছতো গৃহমন্ত্রীৰ সৈতে মোৰ বৈঠক অনুষ্ঠিত কৰোৱাইছে, মোৰ মনৰ ভাব ব্যক্ত কৰাত সুযোগ দিছে৷ গতিকে মই অনুভৱ কৰিছোঁ মই শুদ্ধ সময়ত শুদ্ধ সিদ্ধান্ত লৈছোঁ৷

আনহাতে অহা ৮ মার্চৰ পিছত প্রদেশ কংগ্রেছত খহনীয়া হ’ব বুলি মন্তব্য কৰি ভূপেন বৰাই কয়– গৌৰৱ গগৈ এতিয়া পার্কিউপাইন দি আছে৷ তেওঁৰ ঘৰলৈ যিয়ে যায়, তেওঁকো আলিংগন কৰে৷ গৰাখহনীয়াৰ আগে আগে নদীত যি পার্কিউপাইন দিয়া হয়, সেইধৰণে গৌৰৱ গগৈয়ে এতিয়া পার্কিউপাইন দি আছে৷ ৮ মার্চৰ আশে–পাশে জাতীয়তাবাদী কোনো কংগ্রেছী নেতা প্রদেশ কংগ্রেছৰ আঁৰত নাথাকে৷ এইসকলে ৮ মার্চৰ আশে–পাশে কংগ্রেছ ত্যাগ কৰিব৷

ইফালে, আগন্তুক বিধানসভা নির্বাচনত ভূপেন বৰাই কোনটো সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব, সেয়া বিজেপিয়ে থিৰাং কৰিব বুলিও বৰাই স্পষ্ট কৰে৷

You might also like