প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পিছতেই বিহপুৰীয়াত কংগ্ৰেছ কৰ্মীসকলৰ মাজত দলত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, বহু কংগ্ৰেছী নেতা-কৰ্মীয়ে ইতিমধ্যে ভূপেন বৰাৰ লগত যোগাযোগ ৰক্ষা কৰি গোপনে আলোচনাত মিলিত হৈ থকাৰ সময়তে আজি কেইবাগৰাকী কংগ্ৰেছী নেতা-কৰ্মীয়ে দল ত্যাগ কৰা বিষয়টোৱে বিহপুৰীয়াৰ ৰাজনৈতিক মহলত ব্যপক চৰ্চা লাভ কৰিছে।
তথ্য অনুসৰি, বিহপুৰীয়া সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ভাস্কৰ বৰাৰ লগতে বহুকেইগৰাকী নেতা-কৰ্মীয়ে আজি জিলা কংগ্ৰেছলৈ পত্ৰ প্ৰেৰণ কৰি দল ত্যাগ কৰিছে। দলীয় কেতবোৰ সিদ্ধান্তত সহমত নথকাৰ কথা উল্লেখ কৰি দলীয় পদবী আৰু প্ৰাথমিক সদস্য পদ ত্যাগ কৰা ভাস্কৰ বৰাসহ আন নেতা-কৰ্মীসকলে হয়তো কাইলৈ বিজেপি দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে যুৱ নেতা হিচাপে ভাস্কৰ বৰাই বিগত সময়ত বিহপুৰীয়াত কংগ্ৰেছ দলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল ৷ সেইগৰাকী যুৱ নেতাই আজি দল ত্যাগ কৰা বিষয়টোৱে বিহপুৰীয়াত কংগ্ৰেছ দলত ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইপিনে, ভাস্কৰ বৰাৰ পিছতে বিহপুৰীয়া ব্লক NSUIৰ প্ৰাক্তন সভাপতি নিকাশ দত্ত, বিহপুৰীয়া ব্লক কংগ্ৰেছ সমিতিৰ প্ৰশাসনিক সম্পাদক প্ৰশান্ত বৰা, ব্লক যুৱ কংগ্ৰেছ সমিতিৰ সাংগঠনিক সম্পাদক প্ৰকাশ দেউৰীয়ে জিলা আৰু ব্লক সমিতিলৈ লিখিত পত্ৰ দি দলীয় পদবীৰ লগতে প্ৰাথমিক সদস্য পদ ত্যাগ কৰে। ইপিনে, বহু কংগ্ৰেছ নেতা-কৰ্মীয়ে কম সময়ৰ ভিতৰত দল ত্যাগ কৰিব বুলি বিহপুৰীয়াৰ ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে।