নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহু মঞ্চ কঁপাবলৈ সাজু জুবিন-পাপনসহ তাৰকা শিল্পী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ মাৰ্চঃ বিহু আনন্দীয়া বিহু বিনন্দীয়া, বিহুৰে মৌমিঠা মাত, বিহুৰে বা লাগি বিহুৱা ককাইৰ ঐ, ততে নাই গাত…৷ চকুৰ পচাৰতে অন্ত পৰিল অপেক্ষাৰ৷ মাজতে মাথোঁ এটা দিন৷ গৰু বিহুৰ দিনাখনৰ পৰাই বিহু নাম, গীত, মাত, বিহু নাচৰ মাজেৰে ৰাজ্যজুৰি আৰম্ভ হ’ব ৰঙালী বিহু৷ ৰঙালীৰ ৰঙক আদৰিবলৈ ৰাজ্যজুৰি সম্পূর্ণ হৈ উঠিছে সকলো প্রস্তুতি৷ ৰাইজৰ লগতে বিহুৰ বতৰত মঞ্চ কঁপাবলৈ সাজু হৈ পৰিছে শিল্পী সমাজো৷ ব’হাগ বিহু মানে ৰং–ৰহইচ, আনন্দ–উৎসৱৰ সময়৷ জ্যেষ্ঠজনৰ আশীর্বাদ গ্রহণ কৰি চেনেহী বিহুৱান ডিঙিত লৈ অসমীয়া নতুন বর্ষক আদৰাৰ সময় ব’হাগ৷ গতিকে স্বাভাৱিকতে এই সময়ছোৱাত ৰাজ্যজুৰি উঠিব সংগীতৰ লহৰ৷ বিহুসুৰীয়া গীত–মাতৰ লগতে থলুৱা নৃত্য–গীতে ৰাজ্যৰ বিহুমঞ্চসমূহ কঁপাই তুলিব৷ বিভিন্ন প্রান্তত অনুষ্ঠিত হৈ থকা বিহুৰ আখৰাবোৰো সম্প্রতি সমাপ্ত হৈছে৷ এতিয়া মাথোঁ বিহুমঞ্চ বা বিহু বাকৰিত বাঘা ঢুলীয়াৰ ঢ়োলৰ ছেৱত নচাহে কথা৷ ৰাইজৰ সমান্তৰালকৈ বিহুমঞ্চৰ পৰা মনোৰঞ্জন দিবলৈ কণ্ঠশিল্পীসকলে ইতিমধ্যে আখৰা সমাপ্ত কৰি অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে৷ তাৰ সমান্তৰালভাৱে আগতীয়াকৈ বহু কণ্ঠশিল্পীয়ে নিজা মাননিৰ পৰিমাণ নির্ধাৰণ কৰিছে৷ য’ত একোটা সংগীতানুষ্ঠানত পৰিৱেশনৰ বিপৰীতে নির্ধাৰিত মাননিৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিহু মানে জনপ্রিয় কণ্ঠশিল্পী যুৱপ্রজন্মৰ হার্টথ্র’ব জুবিন গার্গৰ অনুষ্ঠান সকলো বিহু মঞ্চৰ বাবে এক অভিজাত আয়োজন৷ এইবাৰ বিহু মঞ্চত শিল্পীগৰাকীয়ে অনুষ্ঠান পৰিৱেশনৰ বাবে ১০ লাখ টকাৰ অধিক ধন নিজৰ মাননি হিচাপে নির্ধাৰণ কৰিছে বুলি জানিব পৰা গৈছে৷ একেদৰে বিহুৰ বতৰত বিভিন্ন মঞ্চত সংগীত পৰিৱেশনৰ বাবে চুক্তিবদ্ধ হৈছে জনপ্রিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত৷ শিল্পীগৰাকীয়েমঞ্চত সংগীত পৰিৱেশনৰ বাবে ১৫ লাখ টকা মাননি নির্ধাৰণ কৰিছে৷ একেদৰে আচুর্য্য বৰপাত্রৰ ৭–৭.৫ লাখ, দীক্ষুৰ ৪–৫ লাখ, কৃষ্ণমণি চুতীয়াৰ ৩.৫–৪ লাখ, দীপলিনা ডেকাৰ ৪.৫০ লাখ, সুবাসনা দত্তৰ ৩.৫–৫ লাখ, জুবলি বৰুৱাই ৪–৪.৫ লাখ, বর্ণালী কলিতাই ৩.৫–৪.৫ লাখ, শংকুৰাজ কোঁৱৰে ৫–৬ লাখ, ৰূপম ভূঞাই ২–২.৫ লাখ, ভৃগু কাশ্যপে ৪.৫–৬ লাখ, মণ্টুমণিয়ে ৩–৪ লাখ, মৌচম গগৈয়ে ২.৫–৩ লাখ, নীল আকাশৰ ৬.৫ লাখ, বাবু বৰুৱাই ২.৫–৪ লাখ, কুসুম কৈলাশে ৫–৬ লাখ, ৰাকেশ ৰিয়ানে ৪.৫–৫ লাখ, নির্মালী দাসে ২–৩ লাখ আৰু জিনা ৰাজকুমাৰীয়ে ১.৫–৩ লাখ টকা বিহু মঞ্চত গীত পৰিৱেশনৰ বাবে মাননি নির্ধাৰণ কৰিছে বুলি জানিব পৰা গৈছে৷ একেদৰে বিহু মঞ্চত সুন্দৰ সংগীতৰ মাজে মাজে লয়লাস ভংগিমাৰে দর্শকক একপ্রকাৰ বলিয়া কৰি তোলা গ্লেমাৰাছ কণ্ঠশিল্পী প্রিয়ংকা ভৰালীয়ে এইবাৰ বিহু মঞ্চত গীত পৰিৱেশনৰ বাবে ৩.৫–৫ লাখ টকা পর্যন্ত মাননি নির্ধাৰণ কৰিছে৷ বিভিন্ন শৈলীৰ বিহুগীতেৰে সদায়ে দর্শকক আকর্ষিত কৰি অহা জনপ্রিয় শিল্পী বিপিন চাউদাঙেও এইবাৰ বিহু মঞ্চত গীত পৰিৱেশনৰ বাবে সাজু হৈছে৷ শিল্পীগৰাকীয়ে প্রায় ৩ লাখ টকা মাননি বিহু মঞ্চত গীত পৰিৱেশনৰ বাবে নির্ধাৰণ কৰিছে৷ শিল্পী সমাজৰ সমানে বিহু মঞ্চত নিজস্ব ভাব–ভংগীৰে দর্শকক হঁহুৱাবলৈ সাজু হৈছে বহু প্রতিভাসম্পন্ন শিল্পী, অভিনেতা, কমেডিয়ান ৰাজকুমাৰ ঠাকুৰীয়া ওৰফে ৰাকু দা৷ অসমীয়া ৰাইজৰ মাজত কমেডী অভিনয়ৰ বাবে জনপ্রিয় ৰাকু দাই এইবাৰ বিভিন্ন বিহু মঞ্চত ৰাইজক মনোৰঞ্জন যোগাব৷ অৱশ্যে আন লাখ টকীয়া শিল্পীৰ পৰিৱর্তে প্রায় ৩০–৫০ হাজাৰ টকাৰ বিনিময়তে ৰাকু দাই বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে৷ বিভিন্ন শিল্পীৰ লগতে বহু বিহু হুঁচৰি দলেও এইবাৰ মাননিৰ বিনিময়ত বিহু মঞ্চত অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে৷ নির্দিষ্ট মাননিৰ বাবদ বিভিন্ন দলে ৰাজ্যৰ বিহু মঞ্চত বিহু নৃত্য, হুঁচৰি পৰিৱেশনৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ অসমীয়াৰ প্রাণৰো প্রাণৰ আপোন ব’হাগ৷ চৌদিশৰ পৰাই অত্যাৱশ্যকীয় সামগ্রীৰ দৰ বৃদ্ধিকে আৰম্ভ কৰি বিভিন্ন সমস্যাই অসমীয়া জাতীয় জীৱনক চেপা–খুন্দা দি আহিছে৷ এই কেঁকোৰা চেপাক একাষৰীয়া কৰি থৈ কেৱল ৰঙালীৰ স্বার্থতে ৰাইজ সাজু হৈ পৰিছে৷ ৰঙালীৰ ৰঙৰ মাজেৰে অসমীয়াই আদৰিব অসমীয়া নৱবর্ষক৷

You might also like