নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ শীর্ষ ১০ বৃহত্তম অর্থনীতিৰ পঞ্চম স্থানত ভাৰত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ মাৰ্চঃ বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে চিহ্ণিত হৈছে ভাৰত৷ দেশ এখনৰ জিডিপি বৃদ্ধিৰ তথ্যৰ ওপৰত নির্ভৰ কৰি দেশখনৰ অর্থনীতি কোন দিশে আগবাঢ়িছে সেয়া নির্ণয় কৰা হয়৷ শেহতীয়াকৈ ‘ফ’ৰ্বছ ইণ্ডিয়া’ৰ তৰফৰ পৰা দেশৰ বৃহত্তম ১০ অর্থনীতিৰ ওপৰত এটা সমীক্ষা চলোৱা হৈছে৷ এই সমীক্ষা অনুসৰি বিভিন্ন দেশৰ অর্থনীতিত কি চলিছে, সেয়া জানিব পৰা গৈছে৷ আমেৰিকা, চীন, জার্মানী, জাপান আৰু ভাৰত হৈছে ২০২৪ বর্ষটোত বিশ্বৰ পাঁচ বৃহত্তম অর্থনীতি৷ প্রথম স্থানত আমেৰিকা থকাৰ বিপৰীতে ব্রিটেইনক অতিক্রম কৰি পঞ্চম স্থান দখল কৰিছে ভাৰতে৷ এখন দেশৰ অর্থনীতিৰ দিশসমূহ বিশ্লেষণ কৰিবলৈ জিডিপি বৃদ্ধিৰ বিষয়টোক তুলি ধৰা হৈছে এই সমীক্ষাত৷ লক্ষণীয়ভাৱে ২০২৪ চনৰ ১০ এপ্রিলৰ আন্তর্জাতিক মুদ্রানিধিৰ ডাটা সংগ্রহ কৰি ‘ফ’বছ ইণ্ডিয়া’ৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে এতিয়াও ২৭,৯৭৪ বিলিয়ন মার্কিন ডলাৰেৰে বিশ্বৰ বৃহত্তম অর্থনীতি হিচাপে প্রথম স্থানত আছে আমেৰিকা৷ লক্ষণীয়ভাৱে অতি সমৃদ্ধিশালী দেশ আমেৰিকাত জনমূৰি আয় ৮৩.০৬ হাজাৰ মার্কিন ডলাৰ৷ সেইদৰে দ্বিতীয় স্থানত থকা চীনৰ জিডিপি হৈছে ১৮,৫৬৬ বিলিয়ন মার্কিন ডলাৰ৷ কিন্তু আমেৰিকাৰ তুলনাত চীনৰ জনমূৰি আয় যথেষ্ট কম৷ দেশখনৰ জনমূৰি আয় হৈছে ১৩.১৬ হাজাৰ মার্কিন ডলাৰ৷ তৃতীয় স্থানত থকা জার্মানীৰ জিডিপি হৈছে ৪,৭৩০ বিলিয়ন মার্কিন ডলাৰ৷ জার্মানীৰ জনমূৰি আয় আমেৰিকাৰ পিছতে অর্থাৎ দ্বিতীয় স্থানত৷ দেশখনৰ জনমূৰি আয় ৫৬.০৪ হাজাৰ মার্কিন ডলাৰ৷ ইফালে চতুর্থ স্থানত থকা জাপানৰ জিডিপি হৈছে ৪,২৯১ বিলিয়ন মার্কিন ডলাৰ৷ জাপানৰ জনমূৰি আয় ৩৪.৫৫ হাজাৰ মার্কিন ডলাৰ৷ পঞ্চম স্থানত থকা ভাৰতৰ জিডিপি ৪,১১২ বিলিয়ন মার্কিন ডলাৰ৷ কিন্তু লক্ষণীয়ভাৱে শেহতীয়াকৈ অভাৱনীয় আর্থিক বৃদ্ধি পোৱা সত্ত্বেও ভাৰতৰ জনমূৰি আয় ২.৮৫ হাজাৰ মার্কিন ডলাৰ৷ ইয়াৰ মূল কাৰণ হৈছে ভাৰত পৃথিৱীৰ আটাইতকৈ জনবহুল ৰাষ্ট্র৷ গুৰুত্বপূর্ণ বিষয়টো হৈছে ৪ হাজাৰ বিলিয়নতকৈ অধিক জিডিপি ৰাষ্ট্র হিচাপে চিহ্ণিত হৈছে প্রথম স্থানত থকা পাঁচখন ৰাষ্ট্র৷ ইয়াৰ পিছতে ৩,৫৯২ বিলিয়ন মার্কিন ডলাৰ জিডিপিৰে ষষ্ঠ স্থানত আছে ব্রিটেইন৷ ব্রিটেইনৰ জনমূৰি আয় ৫২.৪৩ হাজাৰ মার্কিন ডলাৰ৷ ইয়াৰ পিছত পর্যায়ক্রমে সপ্তম, অষ্টম, নৱম আৰু দশম স্থানত আছে ক্রমে ফ্রান্স, ইটালী, ব্রাজিল আৰু কানাডা৷ ‘ফ’বছ ইণ্ডিয়া’ৰ মতে আমেৰিকাত বর্ষটোত জিডিপি বৃদ্ধিৰ হাৰ আছিল ১.৫ শতাংশ৷ চীনত জিডিপি বৃদ্ধিৰ হাৰ আছিল ৪.২ শতাংশ৷ কিন্তু জার্মানীত জিডিপি বৃদ্ধিৰ হাৰ মাত্র ০.৯ শতাংশ৷ জাপানতো জিডিপি বৃদ্ধিৰ হাৰ ১ শতাংশ৷ কিন্তু ভাৰতত জিডিপি বৃদ্ধিৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ দেশখনৰ অর্থনীতিয়ে বিভিন্ন দিশত নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ হৈছে ৬.৩ শতাংশ৷ ভাৰতত আর্থিক বৃদ্ধিৰ গতি অতি ক্ষিপ্র বুলি আন্তর্জাতিক অর্থনীতিবিদসকলে দাবী কৰি আহিছে৷ আনকি বিশ্ববেংক তথা আন্তর্জাতিক মুদ্রানিধিৰ দৰে বিত্তীয় সংস্থাসমূহে ভাৰতত আর্থিক বৃদ্ধিৰ বিষয়টোক লৈ নতুন আশাৰ ৰেঙনি দেখিছে৷ ইয়াৰ মূল কাৰণ হৈছে কেইবাটাও গুৰুত্বপূর্ণ ক্ষেত্রত ভাৰতৰ আর্থিক বিনিয়োগ বৃদ্ধি পাইছে৷ তথ্য–প্রযুক্তি, সেৱা খণ্ড, কৃষি আৰু বিভিন্ন উদ্যোগ–প্রতিষ্ঠানত উৎপাদনৰ গতি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ লগতে ভাৰতৰ ঘৰুৱা বজাৰসমূহত বিশ্ব বজাৰতকৈ সচ্ছলতা বৃদ্ধি পাইছে৷ ইয়াৰ জৰিয়তে কার্যতঃ ভাৰতে সমৃদ্ধিশালী পথলৈ খোজ আগবঢ়াইছে৷ লক্ষণীয়ভাৱে ভাৰতত আছে অতি সুদক্ষ তৰুণ তথা প্রযুক্তিগতভাৱে প্রশিক্ষিত বৃহৎ শ্রম শক্তি৷ এই শ্রম শক্তি এতিয়া দেশখনৰ অর্থনীতিৰ চালিকাস্বৰূপ হৈ পৰিছে৷ ইয়াৰ উপৰি বিশাল মধ্যবিত্ত শ্রেণীটো ভাৰতৰ অর্থনীতিৰ সৈতে সংপৃক্ত হৈ আছে৷ ভাৰতৰ এই দিশবোৰৰ দ্রুত উন্নয়ন আৰু ইয়াৰ সঠিক প্রয়োগৰ বাবে জিডিপি বৃদ্ধিৰ হাৰ পূর্বাভাসতকৈ বৃদ্ধি পোৱা বুলি দাবী কৰা হৈছে ‘ফ’বছ ইণ্ডিয়া’ৰ এই গুৰুত্বপূর্ণ সমীক্ষাত৷

You might also like