নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা উঃ মাঃ বিদ্যালয়ত উলহ-মালহেৰে বসন্ত উৎসৱ পালন

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ পশ্চিম কামৰূপৰ আগশাৰীৰ শিক্ষানুষ্ঠান নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বাপতিসাহোন ৰঙালী বিহুৰ প্ৰাক্ উদযাপন হিচাপে বসন্ত উৎসৱ পালন কৰে। সেইমৰ্মে শিক্ষানুষ্ঠান খনৰ শিক্ষক-ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক উচাহ পৰিলক্ষিত হয়। দুপৰীয়াৰ পৰা বিদ্যালয় প্ৰেক্ষাগৃহত বিদ্যালয়ৰ অধ্যক্ষ ধনেশ্বৰ দাসৰ পৌৰোহিত্যত আয়োজিত বসন্ত উৎসৱৰ কাৰ্যসূচীত উপস্থিত বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। বসন্ত উৎসৱ উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে মঞ্চত পৰিবেশন কৰা বিহু নৃত্যই সকলোকে মন্ত্ৰমুগ্ধ সজায়। কাৰ্যসূচীত নগৰবেৰা উঃ মাঃ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দীনেশ কলিতা, প্ৰাক্তন সভাপতি ,অৱসৰী শিক্ষক মদন চন্দ্ৰ পাঠক, অৱসৰী শিক্ষক ৰবিলোচন ঠাকুৰীয়া, পবিত্ৰ কুমাৰ মেধি, আনন্দ দাস, মুকুন্দ ৰয়, কন্দৰ্প কলিতা, মঙ্গল ঠাকুৰ, শিক্ষক বিজন কুমাৰ দাস, অজিত দাস আদিৰ লগতে বিদ্যালয়ৰ বাকীসকল শিক্ষক-শিক্ষয়িত্ৰী তথা সমূহ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উপস্থিত প্ৰতিগৰাকী বক্তাই বিহুৰ ঐতিহ্য, বিহুৰ তাৎপৰ্য আৰু অসমীয়া সমাজ জীৱনত বিহুৰ ভুমিকা সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক বিতংকৈ বুজাই দিয়ে। বসন্ত উৎসৱ উপলক্ষে বিদ্যালয় প্ৰেক্ষাগৃহত ঢোল-পেপাঁৰ শব্দত মুখৰিত হৈ পৰে, ছাত্ৰ-ছাত্ৰীসকলে আজিৰ এই বসন্ত উৎসৱটিক বিহুববীয়া আনন্দত মতলীয়া হৈ উদযাপন কৰে, সকলোকে বেচ উলাহ-মগন হৈ পৰা পৰিলক্ষিত হয় নগৰবেৰা উঃ মাঃ বিদ্যালয় প্ৰাঙ্গণত।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like