নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী সভা

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ : কামৰূপ জিলাৰ বকোত আজি অনুষ্ঠিত হয় ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ সভা। বকো ৰাজীৱ ভৱনত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ  কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, বকোৰ বিধায়িকা নন্দিতা দাস, বকো ব্লক কংগ্ৰেছৰ সভাপতি অৰৱিন্দ ৰাভা, ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বায়নৰ লগতে জিলা কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছৰ বহুকেইজন বিষয়ববীয়া। সভাত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে বিজেপি চৰকাৰক সমালোচনা কৰি কেতবোৰ মন্তব্য প্ৰদান কৰে। গুৱাহাটী লোকসভাৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে গুৱাহাটীত কোনো সমস্যা নাই বুলি কোৱাৰ উত্তৰত কয়- তেওঁ গুৱাহাটীৰ সমস্যা ক’ত দেখিব। তেওঁ ঘৰৰ পৰা অটল বিহাৰী বাজপেয়ী ভৱনলৈ যাওঁতে অভাৰব্ৰীজৰ ওপৰেৰে যায়। তেওঁ অভাৰব্ৰীজেৰ ওপৰেৰে গ’লে তলৰ নলা-নৰ্দমা, কদৰ্যময় পৰিৱেশ কেনেকৈ দেখিব। লগতে বকোৰ বিধায়িকা নন্দিতা দাসে কয়- মীৰা বৰঠাকুৰক ভোট দি জয়যুক্ত কৰিব লাগিব আৰু কেন্দ্ৰত আমি চৰকাৰ গঠন কৰিবই লাগিব।কেন্দ্ৰত এইবাৰ চৰকাৰ গঠন কৰিব পাৰিলেহে আৰু আমাৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাব পাৰিলেহে আমি ২৬ৰ বিধানসভা নিৰ্বাচনত আমাৰ দলৰ এজন বিধায়ক পাম।

প্ৰেৰক প্ৰীতম বায়ন

You might also like