নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হ’ব বিজুলী কলিতা মেধি’

🔹 গুৱাহাটীৰ ফটাশিল আমবাৰীত জোৰদাৰ প্ৰচাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বিশেষ বাৰ্তা, ৫ মে’ : আজি গুৱাহাটীৰ ফটাশিল আমবাৰীত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰুৱাই কয়- এই অঞ্চলত ভোট বিচাৰিব নালাগে। এই অঞ্চলৰ ১০০ শতাংশ মানুহে বিজেপিক ভোট প্ৰদান কৰে। ইয়াত আহি ভোট বিচৰাৰ প্ৰশ্নই নুঠে। নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনা কেৱল যাতে নিজৰ মানুহখিনিক লগ পাওঁ, আশিস ল’ব পাৰোঁ, সেইবাবেহে আজি ইয়ালৈ আহিছোঁ। তেওঁ ভাষণত কয়- এই অঞ্চলৰ ৰাইজ সদায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আছে।

জিএমচি নিৰ্বাচনৰ পৰা আদি কৰি সকলো নিৰ্বাচনতে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে সদায় বিজেপিক ভোট প্ৰদান কৰি আহিছে আৰু আগন্তুক দিনতো বিজেপিৰ প্ৰতি আস্থা ৰাখিব বুলি মঞ্চৰ পৰাই উপস্থিত ৰাইজক সেৱা জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ভাষণত তেওঁ কয়- গুৱাহাটীবাসীক উন্নয়নৰ কথা ক’বলৈ প্ৰয়োজন নাই। মহানগৰবাসীয়ে ওলাই গ’লেই চৰকাৰৰ উন্নয়নমূলক কাম-কাজ নিজ চকুৰে দেখি আহিছে। ৰাইজে দেখিলেই গম পায় য়ে চলিত চৰকাৰে অতি কম সময়ৰ ভিতৰত বিপুল পৰিমাণৰ উন্নয়নমূলক কাম-কাজ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী মহানগৰীত নৱনিৰ্মিত কেইবাখনো উৰণ সেতু, দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ কথা উল্লেখ কৰি তেওঁ আহ্বান জনায় যে আগন্তুক নিৰ্বাচনত যাতে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীক ১৪টা সমষ্টিৰ ভিতৰত আটাইতকৈ অধিক ভোটৰ ব্যৱধানত জয়যুক্ত কৰায়। গুৱাহাটী লোকসভা সমষ্টিত অসমৰ ভিতৰত সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বতৰে বিধি-পথালি দিলেও যাতে ভোটদানৰ দিনা ১০০ শতাংশ ভোট নিশ্চিত হয়, তাৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায় মন্ত্ৰী বৰুৱাই। বিজেপিৰ পক্ষত যাতে ভোট প্ৰদান কৰি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব পাৰি, তাৰ বাবে আগবাঢ়িবলৈ আহিবলৈ ৰাইজক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

You might also like