নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসমবাসীৰ পূৰ্ণ সঁহাৰি-সমৰ্থনেৰে অপ্ৰতিৰোধ্য বিজেপি মিত্ৰজোঁট’

🔹 ফণীভূষণ চৌধুৰীৰ সমৰ্থনত কৈঠালকুছিত অন্তিমখন সভা সৰ্বানন্দ সোণোৱালৰ

বিশেষ বাৰ্তা, ৫ মে’ : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলাই সৰ্বস্তৰৰ ৰাইজৰ বিপুল মৰম-আশিস লাভ কৰে। বিগত বছৰবোৰত মোদী লহৰেৰে অসমৰ চৌদিশ উজ্জীৱিত হৈ উঠিছে আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নে এক নতুন শিখৰত আৰোহণ কৰিছে বুলি সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে। সৰ্বস্তৰৰ ৰাইজৰ ব্যাপক উৎসাহৰ মাজত আজি অসমত লোকসভা নিৰ্বাচন ২০২৪ৰ তৃতীয় পৰ্যায়ৰ অন্তিমখন সভাত সোণোৱালে অংশগ্ৰহণ কৰে আৰু বৰপেটা লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত কৈঠালকুছিত প্ৰচাৰ চলায়। উন্নয়নৰ নৱজাগৰণৰ ধাৰাক আগুৱাই লৈ যোৱাৰ বাবে ফণীভূষণ চৌধুৰীক বিপুল ভোটত জয়ী কৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আশীৰ্বাদ দিবলৈ ৰাইজ পূৰ্ণোদ্যমে সাজু হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়- অসমবাসীৰ পূৰ্ণ সঁহাৰি-সমৰ্থনেৰে অপ্ৰতিৰোধ্য বিজেপি মিত্ৰজোঁট। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়- “তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পথত নৰেন্দ্ৰ মোদী। তেওঁৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত দেশজুৰি যি উন্নয়নৰ লহৰৰ সূচনা হৈছে, সেয়া ১০ বছৰৰ পূৰ্বে অকল্পনীয় আছিল। বিকশিত ভাৰতৰ এই সংকল্প যাত্ৰা হৈছে এখন নতুন, শক্তিশালী, সমৃদ্ধিশালী আৰু সুস্থ-সবল ভাৰতৰ দিশত ‘মোদী কী গেৰাণ্টী’ৰ এক নিদৰ্শন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল সৰ্বাংগীণ উন্নয়নৰ শক্তিকেন্দ্ৰ হৈ পৰিছে। ইতিমধ্যে বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হোৱা ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। নৰেন্দ্ৰ মোদীয়ে সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সৰ্বস্তৰৰ ৰাইজৰ সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা, জন ধন যোজনা, স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত, স্বচ্ছ ভাৰত অভিযান, জল জীৱন আদি অনেক কল্যাণকামী আঁচনিৰ জৰিয়তে আমাৰ চৰকাৰে বিগত ১০ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে, যাৰ বাবে সৰ্বস্তৰৰ জনতাৰ আস্থা-বিশ্বাস মোদী চৰকাৰৰ ওপৰত পূৰ্ণোদ্যমে অটুট আছে।” সোণোৱালে লগতে কয়- “পূৰ্বৰ চৰকাৰৰ দিনত অৱহেলিত উত্তৰ-পূৰ্বাঞ্চললৈ নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে ৬৪বাৰতকৈও অধিক আহিছে। এতিয়ালৈকে দেশৰ যিকোনো প্ৰধানমন্ত্ৰীৰ দ্বাৰা এয়া হৈছে উত্তৰ-পূবলৈ সৰ্বাধিক আগমন। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ দিশতো আমাৰ চৰকাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰিছে। কংগ্ৰেছৰ দিনত দশক দশকজুৰি দুৰ্নীতি, শোষণ, হত্যা-হিংসা আৰু অপশাসনৰ ভয়াৱহ সময়ৰ সাক্ষী হৈ ৰোৱা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগকে ধৰি বিভিন্ন দিশৰ বিকাশৰ বাবে মোদী চৰকাৰে ৫ লাখ কোটি টকাতকৈও অধিক অনুদান আগবঢ়াইছে। ২০১৪ চনৰ পৰা অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ গৌৰৱ পুনৰুজ্জীৱিত কৰাৰ বাবে নৰেন্দ্ৰ মোদীয়ে কৰ্মৰাজিৰ মাজেৰে অতুলনীয় দৃষ্টান্ত দাঙি ধৰিছে।

অসমত নিৰৱচ্ছিন্ন চিকিৎসা মহাবিদ্যালয়, এইমছ, স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ আদি স্থাপনৰ জৰিয়তে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নত কৰা হৈছে, বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ চৌহদ অসমত স্থাপন কৰা হৈছে। আন কেতবোৰ ক্ষেত্ৰতো আন্তঃগাঁথনি ক্ষিপ্ৰতাৰে উন্নীত কৰা হৈছে। উত্তৰ-পূব অঞ্চলৰ লোকসকলে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সৰ্বাধিক উন্নতি আৰু জীৱনৰ মান উন্নীতকৰণৰ অনন্য অভিজ্ঞতা লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা অনুসৰি ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি এখন বিকশিত ভাৰত গঢ়াৰ পণ লওঁ আহক।” বিগত দুমাহে অসমজুৰি সৰ্বস্তৰৰ ৰাইজে আগবঢ়োৱা অকুণ্ঠ সহযোগিতা, সমৰ্থন আৰু সঁহাৰিৰ বাবে সোণোৱালে জনতা জনাৰ্দনৰ ওচৰত মূৰ দোঁৱাই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু লগতে বিগত সময়ছোৱাত কৰা কঠোৰ পৰিশ্ৰম, সমৰ্পিত সেৱা আৰু দলৰ সাংগঠনিক সশক্তিকৰণৰ বাবে বিজেপি মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকলক বিশেষকৈ কৃতজ্ঞতা জ্ঞাপন কৰে। শান্তি, সমৃদ্ধি, সমন্বয় আৰু সবকা সাথ সবকা বিকাশৰ অনিৰুদ্ধ যাত্ৰাক নৱৰূপ দিয়াৰ বাবে ৭ মে’ৰ দিনা এনডিএ-ৰ প্ৰাৰ্থীসকলক ভোটদান কৰিবলৈ হিলদল ভাঙি ওলাই অহাৰ বাবে জনসাধাৰণক আহ্বান জনায় সোণোৱালে।

You might also like