নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ ডিমৌত ৰাইজলৈ লক্ষ্য কৰি বাইক চোৰৰ গুলীচালনা

সমাগত গণৰাজ্য দিৱসৰ কটকটীয়া নিৰাপত্তাৰ মাজতে ডিমৌত গুলীচালনাৰ এক ঘটনা সংঘটিত হয়। ৰাজমাইৰ দেওবৰীয়া বজাৰত ৰখাই থোৱা বিমান ৰয় নামৰ ব্যক্তিজনৰ AS-04 Z-7454 নম্বৰৰ এখন ক’লা ৰঙৰ পালছাৰ বাইক চুৰি কৰিছিল দুই চোৰে।

চুৰি কাণ্ড দেখি চোৰৰ পিছে পিছে খেদি গৈছিল বজাৰত থকা মুস্তাকুৰ ৰহমান নামৰ ব্যক্তিজনে AS-06P-0762 নম্বৰৰ নিজা মাৰুটি Swift Dzire গাড়ীখন লৈ। ৰাজমাইৰ বজাৰৰ পৰা শিৱসাগৰ চহৰ অভিমুখে পালছাৰ বাইকখন চুৰি কৰি নিছিল দুই চোৰে। জাপিসজীয়া অঞ্চল পাওঁতেই পিছে পিছে খেদি যোৱা গাড়ীখনলৈ লক্ষ্য কৰি চোৰে গুলীচালনা কৰে। কথমপি গাড়ীৰ ভিতৰতে শুই পৰি নিজৰ জীৱন ৰক্ষা কৰে মুস্তাকুৰ ৰহমানে। ঘটনাটোত সৌভাগ্যক্ৰমে কোনো হতাহত হোৱা নাই।

নিয়মীয়া বাৰ্তা, ডিমৌ, ২৫ জানুৱাৰী :

You might also like