নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ বিশ্বজিৎ দৈমাৰীৰ, শতাধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদান

ডিজিটেল ডেস্ক, ৩০ মাৰ্চ : ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ। সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৪৩ নম্বৰ তামুলপুৰত সমষ্টিত বিজেপিলৈ সোঁত বৈছে সংখ্যালঘু ৰাইজৰ। নিশা তামুলপুৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক যোগদান সভা।

এনডিএৰ বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত ইউপিপিএল, কংগ্ৰেছ ত্যাগ কৰি  শতাধিক সংখ্যালঘু লোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। যোগদানকাৰীসকলক আদৰণি জনাই দৈমাৰীয়ে তেওঁলোকৰ উন্নয়ন আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ আশ্বাস দিয়ে। সমান্তৰালভাৱে নিৰ্বাচনী প্ৰচাৰো জোৰদাৰ কৰি তুলিছে দৈমাৰীয়ে।

ইফালে, ইউপিপিএল দল তথা মন্ত্ৰী ইউ জি ব্ৰহ্মই তেওঁৰ বিৰুদ্ধে কৰা উন্নয়নহীনতাৰ অভিযোগৰ তীব্ৰ প্ৰত্যুত্তৰ দি দৈমাৰীয়ে কয়- ২০০১ চনত তামুলপুৰৰ বিধায়ক হওঁতেই তেওঁ তামুলপুৰত ৰাস্তা-ঘাট, দলং, চিকিৎসালয় আৰু শিক্ষাখণ্ডৰ ভেটি স্থাপন কৰিছে আৰু জিলা গঠনৰ প্ৰক্ৰিয়াও তেওঁৰ দিনতেই আৰম্ভ হৈছিল। ইউপিপিএল দলে কেৱল ছ’চিয়েল মিডিয়াৰ প্ৰচাৰেৰে নিৰ্বাচন জিকিব নোৱাৰে, কাৰণ ৰাইজে তেওঁৰ কৰ্মৰাজিৰ কথা ভালদৰে জানে।

You might also like