নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিক বঢ়মপুৰ এৰি দি সংকটৰ সন্মুখীন অগপৰ নেতৃত্ব

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ প্রার্থিত্বকেন্দ্রিক সংঘাতে নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত অগপৰ মজিয়াত ধুমুহাৰ সৃষ্টি কৰিছে৷ সমষ্টিটোত এইবাৰ অগপৰ পৰিৱর্তে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব৷ উল্লেখ্য যে বিগত ৩৫ বছৰে অগপৰ দখলত থকা বঢ়মপুৰ অগপৰ শীর্ষ নেতৃত্বই বিজেপিক এৰি দিয়াত সমষ্টিটোৰ অধিকাংশ নেতা–কর্মীয়ে সহজভাৱে ল’ব পৰা নাই৷ এই সম্পর্কত আজি বঢ়মপুৰ সমষ্টিৰ ননৈ সৰিয়হতলীত অগপৰ বঢ়মপুৰ সমষ্টিৰ বিধান পৰিষদৰ এখন গোপন বৈঠক অনুষ্ঠিত হয়৷ সমষ্টিটোৰ শীর্ষ অগপ নেতা নৰেন্দ্র নাথ শর্মাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত সমষ্টিটো বিজেপিক এৰি দিয়াক লৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ অৱশ্যে সমষ্টিটোৰ একাংশ অগপ নেতা–কর্মীয়ে অগপত থাকিয়েই নির্বাচন পাৰ কৰিব বুলি মত পোষণ কৰে৷ তদুপৰি বৈঠকত দলটোৰ প্রতিষ্ঠাপক সভাপতি প্রাক্তন মুখ্যমন্ত্রী তথা ৩০ বছৰ ধৰি বঢ়মপুৰ সমষ্টিক প্রতিনিধিত্ব কৰা প্রফুল্ল কুমাৰ মহন্তক সমষ্টিটোত পুনৰ প্রার্থিত্ব প্রদানৰ দাবী উত্থাপন কৰে৷ অগপৰ এক সূত্রই জনোৱা মতে, ৩৫ বছৰে অগপৰ দখলত থকা বঢ়মপুৰ বিধানসভা সমষ্টিত অগপই প্রার্থী দিব নোৱাৰাটো অতি লজ্জাৰ বিষয় বুলি উল্লেখ কৰি বৈঠকে অগপৰ কেন্দ্রীয় নেতৃত্বক গৰিহণা দিয়ে৷ লগতে বৈঠকে বিজেপিৰ প্রার্থী জিতু গোস্বামীৰ বিৰুদ্ধে মুকলি বিদ্রোহ ঘোষণা কৰে৷ আনকি জিতু গোস্বামীৰ কেতবোৰ কাম–কাজে অগপ কর্মীসকলক অসন্তুষ্ট কৰি ৰাখিছে বুলি একাংশ অগপ কর্মীয়ে বৈঠকত ক্ষোভ প্রকাশ কৰে৷

বৈঠক সন্দর্ভত বঢ়মপুৰ বিধান পৰিষদৰ সাধাৰণ সম্পাদক লীলাকান্ত শর্মাই জানিবলৈ দিয়ে যে অগপৰ সাধাৰণ পৰিষদৰ সভাত বঢ়মপুৰ বিধানসভা সমষ্টিকে ধৰি অগপৰ দখলত থকা ১৪টা সমষ্টি এৰি নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছিল৷ এতিয়া অগপ নেতৃত্বই এই সিদ্ধান্তক উলংঘা কৰি বিজেপিক এৰি দিব বিচৰা কার্যক আজিৰ সভাই ধিক্কাৰ দিয়াৰ লগতে বঢ়মপুৰ সমষ্টিটো অগপক এৰি দিয়াৰ ব্যৱস্থা ল’বলৈ প্রস্তাৱ গ্রহণ কৰি কেন্দ্রীয় নেতৃত্বলৈ প্রেৰণ কৰে৷ সমষ্টিটোত অগপ দলে প্রার্থী নিদিলে তৃণমূল পর্যায়ৰ কর্মীসকলে নির্বাচন বর্জনৰ ভাবুকি প্রদান কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ লগত অগপৰ শীর্ষ নেতৃত্বৰ দীর্ঘদিন ধৰি সংঘাত চলি আহিছে৷ মূলতঃ বিগত সময়ছোৱাত ‘কা’বিৰোধী স্থিতি লোৱাৰ বাবেই অগপৰ শীর্ষ নেতৃত্ব আৰু বিজেপিৰ ৰোষত পৰিছিল মহন্ত৷ ইয়াৰ বিপৰীতে মহন্তৰ ‘কা’বিৰোধী স্থিতিয়ে বহু সময়ত অশ্বস্তিত পেলাইছিল দুয়োটা দলক৷ যাৰ বাবে এইবাৰ মহন্তক প্রার্থিত্বৰ পৰা বঞ্চিত কৰিলে বুলি সমষ্টিটোত সৰৱ চর্চা চলিছে৷

উল্লেখ্য যে নগাঁও জিলাৰ কলিয়াবৰ, বঢ়মপুৰ আৰু নগাঁও সদৰত অগপৰ এক শক্তিশালী স্থিতি আছিল৷ ২০১৬ৰ নির্বাচনত নগাঁও সদৰ সমষ্টিত অগপৰ শক্তিশালী গণভিত্তি থকাৰ পাছতো অগপ নেতৃত্বই উক্ত সমষ্টিটো বিজেপিক এৰি দিয়াত সমষ্টিটোত অগপৰ গণভিত্তি দুর্বল হৈ পৰে৷ একেদৰে এইবাৰ বঢ়মপুৰ বিধানসভা সমষ্টি বিজেপিক এৰি দিয়াত নগাঁও জিলাত অগপৰ ভেটি প্রায় নিশ্চিহ্ণ হোৱাৰ দিশত অগ্রসৰ হৈছে৷ আজি একাংশ অগপ নেতাই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্রকাশ কৰি কয়– অগপৰ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই একমাত্র নিজৰ স্বার্থ সিদ্ধিৰ বাবেই এইদৰে বিজেপি নেতৃত্বৰ ওচৰত আঁঠু লৈছে৷

ইপিনে, মিত্রতা সন্দর্ভত বঢ়মপুৰ সমষ্টিৰ ১৯৮৫ চনৰ অগপ বিধায়ক তথা প্রাক্তন মন্ত্রী গিৰীন্দ্র কুমাৰ বৰুৱাই প্রতিক্রিয়া প্রকাশ কৰি কয়– ১৯৮৫ চনৰ পৰা বর্তমানলৈকে অসম গণ পৰিষদৰ দখলত থকা বঢ়মপুৰ বিধানসভা সমষ্টি অগপই বিজেপিক এৰি দিব বিচৰাটো অতিশয় দুর্ভাগ্যজনক বিষয়৷ অগপৰ বর্তমানৰ নেতৃত্বই বিজেপি নেতৃত্বৰ ওচৰত নতি স্বীকাৰ কৰি এইদৰে বিজেপিক সমষ্টিটো এৰি দিছে৷ অগপৰ নেতৃত্বৰ এনে সিদ্ধান্তই আহি থকা দিনত দলটোক অধিক ক্ষতি কৰিব৷ বঢ়মপুৰ সমষ্টি অগপ নেতৃত্বই বিজেপিক এৰি দি আঞ্চলিকতাবাদক কবৰ দিছে৷ অসম গণ পৰিষদ দলক চূডান্ত প্রতাৰণা কৰিছে৷ দলৰ সচেতন আৰু নিষ্ঠাৱান কর্মীসকলে অগপ নেতৃত্বৰ এনে কার্য সম্পর্কত নতুনকৈ চিন্তা কৰাৰ প্রয়োজন আছে৷

ইপিনে, অগপৰ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই অগপই প্রার্থিত্ব নিদিলেও মহন্তই বঢ়মপুৰত প্রতিদ্বন্দ্বিতা কৰিব৷ আজি মহন্তৰ হৈ বঢ়মপুৰ সমষ্টিৰ স্থানীয় অগপ নেতা ঋতুৰাজ বৰাই মনোনয়ন পত্র সংগ্রহ কৰে৷ মহন্তৰ ঘনিষ্ঠ সূত্রই জনোৱা মতে, মহন্তই অগপ (প্রগতিশীল)ৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব৷ আন এক সূত্রই জনোৱা মতে, মহন্তৰ শিবিৰে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ লগতো যোগাযোগ কৰিছে৷ যদি মহাজেজাটে মহন্তক সমর্থন কৰে, তেন্তে বঢ়মপুৰৰ নির্বাচনী যুঁজখন আকর্ষণীয় হৈ পৰিব৷ আন এক সূত্রই জনোৱা মতে, প্রাক্তন মুখ্যমন্ত্রী মহন্তই যদি বিজেপিৰ মিত্রজোঁট আৰু মহাজোঁটক বাদ দি প্রতিদ্বন্দ্বিতা কৰে, তেন্তে অসম জাতীয় পৰিষদে মহন্তক সমর্থন জনাব পাৰে৷ ইপিনে, এসময়ত মহন্তৰ অতিকৈ ঘনিষ্ঠ বর্তমান অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তই এতিয়া প্রফুল্ল কুমাৰ মহন্তক লেং মাৰিব বিচৰাত অগপৰ বহু নেতা–কর্মীয়ে সহজভাৱে লোৱা নাই৷ সেইবাবেই প্রফুল্ল কুমাৰ মহন্তই কেশৱ মহন্তক এসেকা দিয়াৰ উদ্দেশ্যে কলিয়াবৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব পাৰেবুলিও কলিয়াবৰত ব্যাপক চর্চা অব্যাহত আছে৷

You might also like