নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে ৰাজ্যজুৰি শুভমুক্তি ‘অর্জুন’ৰ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ  শীঘ্রে ৰাজ্যজুৰি মুক্তিলাভ কৰিব এখন বহুপ্রত্যাশিত ব্যতিক্রমী অসমীয়া ছবি ‘অর্জুন’৷ বিদ্যা ফিল্মছৰ বেনাৰত গণেশ তামুলীয়ে প্রযোজনা কৰা ছবিখনৰ পৰিচালনা ৰজনী বর্মন (ৰাজ)ৰ৷ মানৱ আৰু অৰণ্যৰ পটভূমিত ৰজনী বর্মনৰ কাহিনী, চিত্র্যনাট্য আৰু সংলাপেৰে নির্মাণ কৰা অর্জুন ছবিখনত দর্শকে সকলো ফালৰ পৰা এক নতুনত্বৰ সোৱাদ পাব৷ অৰণ্য আৰু এশিঙীয়া গঁডৰ সুৰক্ষাৰ স্বার্থত গণেশ তামুলী আৰু ৰজনী বর্মনে নির্মাণ কৰা ছবিখনৰ মূল বিষয়বস্তুSafe Rhino Safe Forest…৷চিনেমাখনৰ নায়ক হৈছে এটা হাতী৷ যাৰ নাম অর্জুন৷ মহাভাৰতৰ অর্জুনে যেনেকৈ কুৰুক্ষেত্র যুদ্ধ কৰি শত্রুক বিনাশ কৰিছিল, ঠিক তেনেকৈ অর্জুন নামৰ হাতীটোৱে অৰণ্যৰ চোৰাং চিকাৰীসকলক বধ কৰি অৰণ্যখন ৰক্ষা কৰাৰ এক গধুৰ দৃষ্টান্ত দাঙি ধৰা হৈছে ছবিখনত৷ ছবিখনৰ সহঃ প্রযোজক গণেশ প্রসাদ৷ সংগীত পৰিচালনা কৰিছে অনন্ত বেজবৰুৱাই৷ ছবিখনৰ সম্পাদনা শ্যামল দাস আৰু প্রডাকচন কণ্ড্র’লাৰৰ দায়িত্ব পালন কৰিছে জয়ন্ত বৰুৱাই (পাপু)৷

ইতিমধ্যে ছবিখনে প্রিমিয়াৰ শ্ব’ত দর্শকৰ পৰা ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে৷ অহা ১৪ মার্চত ছবিখনে অসমৰ সকলো প্রান্ততে মুক্তি লাভ কৰিব৷ অতি সূক্ষ্ম আৰু সুনিপুণ অভিনয়েৰে ছবিখনত আত্মপ্রকাশ কৰিব বৰেণ্য অভিনেতা নিপন গোস্বামী, অতুল পাচনী, পৰাণ কমল, বিকি, পল ফুকন, হিৰণ্য দাস, টুনটুন শইকীয়া বর্মন, যতীন খনিকৰ, কৃষ্ণা কল্যাণী, প্রকাশ মেধি, তপন শইকীয়া, তৰুণ বৰুৱা, ইন্দ্রজিত কোঁৱৰ, নিতিশৰঞ্জন দাস, অজিত ৰাজবংশী, ৰাহুল শর্মা, জিতা গগৈ, পুষ্প মিচং, আমজেদ হুছেইন, চিৰাজুল হক, অৱনী বর্মন, মাইনু গগৈ, অজন্তা বৰুৱা, তনয়া নন্দী, দীপ্তি তামুলী শর্মা, পাপৰি বৰা, মনীষা শইকীয়াৰ লগতে শিশুশিল্পী দিয়া বর্মন, শ্রেয়া বর্মন, দিছাশ্রী বর্মন আৰু বৰষা দাসে৷ কেৱল চিত্রগৃহতেই নহয়, অসমৰ ৰাইজৰ সুবিধার্থে ছবিখন গাঁৱে–ভূঞে সকলোতে প্রদর্শন কৰাৰ সু–ব্যৱস্থা ৰাখিছে বিদ্যা ফিল্মছ পৰিয়ালৰ তৰফৰ পৰা৷ ইয়াৰ বাবে আহ্বায়ক সমিতিয়ে যোগাযোগ কৰিব লাগিব ৮৮৯৭৩–৩৭৯৫৩, ৯৯৫৭৬–৫৯১৯৮ নম্বৰত৷

You might also like