নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্রোহৰ অগ্ণিত জ্বলিছে ৰাজনৈতিক দল

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ  ৰহাত বিজেপিৰ কর্মীসকলে আজি সাব্যস্ত কৰিলে তীব্র প্রতিবাদ৷ অগপক ৰহা সমষ্টিৰ আসন এৰি দিবলৈ বিজেপি–এজিপিৰ দলীয় নেতৃত্বই লোৱা সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি ৰহাত বিজেপিৰ তৃণমূল কর্মীসকলে আজি ধর্ণা কার্যসূচীৰে এটা প্রতিবাদী সমদল উলিয়ায়৷ উল্লেখ্য যে আজি প্রতিবাদী কার্যসূচীত ৰহা গ্রাম্য মণ্ডল, ৰহা টাউন মণ্ডল, কমাৰগাঁও মণ্ডল আৰু গৰুবাট মণ্ডলৰ চাৰিওজন মণ্ডল সভাপতিৰ লগতে কেইবাশ দলীয় কর্মীয়ে এই কার্যৰ বিৰোধিতা কৰে৷ বিজেপিৰ কর্মীসকলে কোনো চর্ততেই ৰহা সমষ্টিটো অগপক এৰি দিবলৈ প্রস্তুত নহয় বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷ আনহাতে, ৰহা অগপক এৰি দিলে সমূহীয়াভাৱে দলীয় কর্মীসকলে পদত্যাগ কৰিব বুলিও হুংকাৰ দিয়ে৷ উল্লেখ্য যে সমষ্টিটোত বর্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ উপৰি সঞ্জীৱ হাজৰিকা, মনজ্যোতি বৰা, শ্যামল প্রসাদ শইকীয়া আদি কেইবাজনো টিকটৰ দাবীদাৰ আছিল যদিও মূৰকত অগপক বিজেপিয়ে আসনখন এৰি দিব খোজাত সমষ্টিটোত বিজেপি কর্মীসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ একাংশ ক্ষোভিত কর্মীৰ ভাষ্য অনুসৰি ৰহা সমষ্টিত অসম গণ পৰিষদ অস্তিত্বৰ সংকটত পৰি থকাৰ সময়ত কি যুক্তিত দলটোক সমষ্টিটো এৰি দিলে সেয়া ৰহস্যজনক৷ তদুপৰি অগপই প্রার্থিত্ব প্রদান কৰিবলগীয়া ব্যক্তিগৰাকীও ৰহাৰ স্থায়ী বাসিন্দা নোহোৱা হেতু কোনো কাৰণতে মানি ল’ব পৰা নাই তেওঁক৷ ইয়াৰ বিপৰীতে সমষ্টিটোত বিজেপিৰ বৃহৎ সাংগঠনিক ভেটি থকাৰ লগতে ১৮খন গাঁও পঞ্চায়ত, ৬খন তিৱা স্বায়ত্ব পৰিষদ, ৫খন সমবায় বিজেপিৰ দখলত থকাৰ পাছতো বিজেপিৰ বিপৰীতে অগপক আসন এৰি দিয়া কার্যক কোনো কাৰণতে মানি ল’ব পৰা নাই৷ সেয়ে বিজেপিৰ ঊর্ধ্বতন নেতৃত্বক ৰহা সমষ্টিত বিজেপিৰ প্রার্থীক টিকট প্রদানৰ দাবী জনাইছে আৰু যদিহে ঊর্ধ্বতন নেতৃত্বই এই দাবী মানি নলয় তেন্তে সমষ্টিৰ বহু নেতা–কর্মীয়ে বিজেপি ত্যাগ কৰিব বুলিও হুংকাৰ দিছে৷
ৰঞ্জিত কুমাৰ দাসক প্রার্থিত্বঃ পাঠশালা নগৰ মণ্ডল কার্যালয়ৰ সন্মুখত বিজেপি কর্মীৰ প্রতিবাদ
পাটাছাৰকুছি সমষ্টিত টিকটক লৈ আৰম্ভ হৈছে প্রতিবাদ, বিষোদগাৰ৷ সমষ্টিটোত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক প্রার্থিত্ব দিয়াত বিজেপিৰে একাংশ কর্মী তথা সমর্থকে ক্ষোভ প্রকাশ কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বিজেপিৰ পাঠশালা নগৰ মণ্ডলৰ মুখ্য কার্যালয়ত আজি বিজেপি নেতা ফণী পাঠকৰ একাংশ সমর্থকে পাটাছাৰকুছি সমষ্টিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ প্রার্থিত্ব কোনোপধ্যে মানি লোৱা নহ’ব বুলি প্রতিবাদ সাব্যস্ত কৰি বিক্ষোভ প্রদর্শন কৰে৷ প্রতিবাদকাৰীসকলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক পাঠশালা বিজেপিৰ তৃণমূল কর্মীসকলে স্থানীয় প্রার্থী নহয় বুলি ক্ষোভ প্রকাশ কৰি ফণী পাঠককহে পাটাছাৰকুছি সমষ্টিত টিকট দিবলৈ দাবী জনায়৷ বিজেপিৰ প্রতিবাদকাৰীসকলে কয় যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক তেওঁলোকে শ্রদ্ধা কৰে, কিন্তু সমষ্টিটোৰ তৃণমূল কর্মীসকলে বিচাৰে ফণী পাঠকক৷ কিয়নো বিগত সময়ত ফণী পাঠকে সমষ্টিটোত সকলো বিজেপি কর্মীক নেতৃত্ব দি একত্রিত কৰিছিল৷ এনে প্রেক্ষাপটতে তেওঁলোকে ফণী পাঠকৰ বাদে আন কাৰোৱেই প্রার্থিত্ব মানি নলয় বুলি হুংকাৰ দিয়ে৷
পাটাছাৰকুছিত অগপৰ প্রতিবাদ
পাটাছাৰকুছি সমষ্টি বিজেপিক এৰি দিয়াত অগপ কর্মীসকলে অজি প্রতিবাদ সাব্যস্ত কৰি যিকোনো মূল্যৰ বিনিময়ত অগপক পাটাছাৰকুছি সমষ্টি লাগে বুলি হুংকাৰ দিয়ে৷ আজি একাংশ অগপ কর্মীয়ে পাটাছাৰকুছি বিধান পৰিষদৰ মুখ্য কার্যালয়ৰ সন্মুখত হাতে হাতে অগপৰ পতাকা লৈ পাটাছাৰকুছি সমষ্টি বিজেপিক কোনো কাৰণতে এৰি দিয়া নহ’ব বুলি হুংকাৰ দিয়ে৷ প্রতিবাদকাৰীসকলে অগপৰ কেন্দ্রীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ আঞ্চলিকতাবাদৰ দুর্গ বুলি বিবেচিত পাটাছাৰকুছি সমষ্টি যদি তৃণমূল কর্মীৰ দাবী আৰু আহ্বানক আওকাণ কৰি বিজেপিক এৰি দিয়ে তেন্তে ইয়াত যে শাসকীয় দলৰ প্রার্থীৰ বাবে পৰিৱেশ ঠিক নহ’ব সেয়া নিশ্চিত বুলি সকীয়নি দিয়ে অগপৰ কর্মীসকলে৷
ছয়গাঁৱত চি আই টি ইউৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ বিক্ষোভ–সমদল
বিজেপি মিত্রজোঁটক পৰাস্ত কৰাৰ আহ্বানঃ হিতেশ দাস
চি আই টি ইউৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে আজি নিত্যপ্রয়োজনীয় বয়বস্তুৰ দাম বৃদ্ধি ৰোধৰ দাবীত আৰু বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ প্রতিবাদত ছয়গাঁও সোণাৰিপাৰাস্থিত জিলা কার্যালয়ৰ পৰা সমদলেৰে আহি ছয়গাঁও বজাৰৰ ৰাষ্ট্রীয় ঘাইপথৰ দদাতিত বিক্ষোভ–সমদলৰ লগতে পথসভাত মিলিত হয়৷ পথসভাত ইউনিয়নৰ জিলা সম্পাদক হিতেশ দাসে বক্তব্য ৰাখি বয়বস্তুৰ দাম নিয়ন্ত্রণত বিজেপি নেতৃত্বাধীন চৰকাৰৰ ব্যর্থতাক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ তেওঁ কয় যে সমস্যাৰ সমাধান কৰাৰ পৰিৱর্তে চৰকাৰে মানুহক বিভ্রান্ত কৰিবলৈহে উঠিপৰি লাগিছে৷ পেড্র’লৰ দাম অত্যধিক হাৰত বৃদ্ধি কৰি জনসাধাৰণৰ ৰোষত পৰি লিটাৰত ৫ টকাকৈ কমোৱাৰ নাটক মিডিয়াৰ জৰিয়তে অভাৱনীয়ভাৱে প্রচাৰ কৰি পিছদিনাখনৰ পৰাই পইচা পইচাকৈ বঢ়াই পুনৰ পেড্র’লৰ দাম পূর্বতকৈও বৃদ্ধি কৰিছে৷ যোৱা তিনি মাহৰ ভিতৰত ৰন্ধন গেছৰ দাম প্রায় ২২৫ টকাতকৈও অধিক বৃদ্ধি হৈছে৷ তেওঁ কয় যে চৰকাৰে এক পইচাও বাজেটত ধার্য নকৰাকৈয়ে নির্মাণ শ্রমিকক সুবিধা দি থকা বুলি অপপ্রচাৰ চলাই আছে৷ অথচ নির্মাণ শ্রমিকে পোৱা সুবিধা হৈছে তেওঁলোকৰ বৰঙনিপ্রদত্ত আইনী সুবিধাহে৷ তাত চৰকাৰী ধনৰ এপইচাও অৰিহণা নাই৷ চৰকাৰখনে কেইবাহাজাৰ কর্মচাৰীক দৰমহা দিব পৰা নাই৷ কাগজ কলৰ ৮১গৰাকী শ্রমিকে দৰমহা নোপোৱাকৈয়ে মৃত্যুবৰণ কৰিলে প্রতাৰক মিথ্যাচাৰী চৰকাৰৰ অপকর্মৰ বাবে৷ চাৰে চাৰিটা বছৰ ভাষণবাজী কৰি, পুঁজিপতি বণিয়াৰ দালালি কৰি, চৰকাৰী সম্পত্তি বিক্রী কৰি কেৱল ভোটৰ স্বার্থত নির্বাচিত মহিলাক ৮৩০ টকীয়া আঁচনি আৰু মহিলা তথা যুৱ আত্মসহায়ক গোটৰ নামত আঢ়ৈ লাখ, কৃষকৰ নামত ২০০০ টকা প্রদানেৰে প্রলোভনৰ অশুভ ৰাজনীতিত নামিছে৷ তেওঁ মিথ্যাচাৰী, সাম্প্রদায়িক বিজেপি মিত্রজোঁট চৰকাৰক পৰাস্ত কৰিবলৈ বাঁওদল সমর্থিত মহাজেজাট চৰকাৰ গঠনৰ পক্ষে আগন্তুক অসম বিধানসভা নির্বাচনত ভোটদান কৰাৰ বাবে ৰাইজলৈ আবেদন জনায়৷
মহাজোঁটৰ মৰিগাঁও সমষ্টি চিপিআইক অর্পণঃ কংগ্রেছত বিদ্রোহ, বিজেপিক ৱাক
অভাৰঃ ন’টাত ভোট দিয়াৰ সংকল্প গ্রহণঃ মৰিগাঁও জিলা কংগ্রেছ কার্যালয়ত শতাধিক কর্মীৰ বিক্ষোভ প্রদর্শন
মৰিগাঁও বিধানসভা সমষ্টিটো কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে চিপিআইক অর্পণ কৰাৰ খবৰ সংবাদ মাধ্যমত সদৰী হোৱাৰ পাছত ক্ষোভত উমি উমি জ্বলি থকা কংগ্রেছৰ মজলীয়া আৰু তৃণমূলৰ নেতাই মৰিগাঁও জিলা কংগ্রেছৰ কার্যালয় ক্ষীৰোদ ভৱনৰ সন্মুখত আজি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ খঙত, ক্ষোভত অগ্ণিশর্মা হোৱা কংগ্রেছীসকলে প্রদেশ কংগ্রেছৰ এই হঠকাৰী সিদ্ধান্ত কোনোপধ্যে মানি লোৱা নহ’ব বুলি উচ্চস্বৰে ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ কংগ্রেছ কর্মীসকলে কৰা প্রতিবাদে এটা সময়ত বিদ্রোহৰ ৰূপ লয়৷ একাংশ কংগ্রেছ কর্মীয়ে হতাশাত বিজেপিক মৰিগাঁও সমষ্টিটো প্রদেশ নেতৃত্বই ৱাক অভাৰ দিয়া বুলি গুৰুতৰ অভিযোগ তোলে৷ এইবাৰ সমষ্টিটোত বিজেপিক যোগ্য প্রত্যুত্তৰ দিবলৈ দলীয় সংগঠন মজবুত কৰি তোলা আৰু ভোটাৰৰ মাজত প্রচাৰ অব্যাহত ৰখা কংগ্রেছ নেতা–কর্মীসকলে বিবুধিত পৰি মুকলিকৈ ক্ষোভ প্রকাশ কৰি কয়– এইবাৰ ভোট দিবলৈ আমাৰ কোনো প্রার্থী নাই৷ ভোট বর্জন নকৰোঁ, ভোট দিম, কিন্তু ভোট দিম ন’টাত৷ ইফালে, নাম প্রকাশত অনিচ্ছুক একাংশ কংগ্রেছীয়ে গুৰুতৰ অভিযোগ তুলি কয়– এইবাৰ মৰিগাঁও সমষ্টিত কংগ্রেছৰ টিকট বিচৰা প্রায়খিনি প্রার্থীয়ে নতুন মুখৰ৷ নতুন মুখৰ প্রার্থীয়ে টিকট পায় বুলি শংকিত এগৰাকী জ্যেষ্ঠ নেতাই চি পি আইক আসনখন এৰি দিলে আপত্তি নাই বুলি লিখি দিয়াৰ ফলতেই প্রদেশ নেতৃত্বই এনে আত্মঘাতী পদক্ষেপ লৈছে৷ এইবাৰ সমষ্টিটোত টিকটৰ দাবীদাৰ আছিল প্রাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ উপৰি ৰমেশ চন্দ্র বৰদলৈ, ৰাজীৱ নাথ, পৱিত্র বৰা, ৰূপেশ্বৰ কাকতি৷ উল্লেখ্য যে ২০১৬ চনৰ নির্বাচনত চিপিআইৰ মুনীন মহন্তই ৩,৫২৬ ভোট, কংগ্রেছৰ জোনজোনালী বৰুৱাই ৫১,০৪৬ ভোট আৰু বিজেপিৰ ৰমাকান্ত দেউৰীয়ে ৮০,৬৬৯টা ভোট পাইছিল৷ কংগ্রেছ কর্মীসকলৰ তির্যক মন্তব্য– ৫১ হাজাৰ ভোট পোৱা দলটোৱে টিকট নাপায়, ৩,৫০০ ভোট পোৱা দলটোৱেহে টিকট পায়৷ এইটো কেনেধৰণৰ মিত্রতা?
বিজেপি দলৰ পৰা প্রার্থিত্ব প্রদানৰ দাবীত গোসাঁইগাঁৱত
উত্তাল প্রতিবাদঃ দলীয় প্রার্থিত্ব প্রদান নকৰিলে ১২খন মণ্ডল সমিতিৰ পদত্যাগৰ ভাবুকি
পূব কোকৰাঝাৰ (জনজাতি) বিধানসভা সমষ্টি, কোকৰাঝাৰ পশ্চিম (জনজাতি) বিধানসভা সমষ্টি আৰু গোসাঁইগাঁও বিধানসভা সমষ্টিত বিজেপিৰ দলীয় প্রার্থিত্ব প্রদান কৰাৰ বাবে গোসাঁইগাঁও সদৰ চহৰৰ উত্তৰপাৰাস্থিত বিজেপি দলৰ শৰাইবিল মণ্ডল সমিতিৰ কার্যালয়ৰ চৌহদত উত্তাল প্রতিবাদ সাব্যস্ত কৰে কোকৰাঝাৰ জিলাৰ ১২খন মণ্ডল সমিতিয়ে৷ তেওঁলোকে তিনিটা সমষ্টিতে বিজেপিৰ প্রার্থিত্ব প্রদান কৰক, ভাৰত মাতা কী জয়, বিজেপি জিন্দাবাদ আদি ধ্বনি দি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদৰ অন্তত বিজেপিৰ দোতমা মণ্ডল সমিতিৰ সভাপতি অঞ্জমাই ৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কোকৰাঝাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিতে ভাৰতীয় জনতা পার্টীৰ ভেটি শক্তিশালী৷ এনে প্রেক্ষাপটত তিনিটা বিধানসভা সমষ্টিত বিজেপিৰ পৰা যদি প্রার্থিত্ব প্রদান নকৰি মিত্র দলৰ পৰা প্রার্থী প্রক্ষেপ কৰে তেন্তে বিজেপিৰ কার্যকর্তাৰ বাবে হ’ব এয়া অতিকৈ দুর্ভাগ্যজনক বিষয়৷ কোকৰাঝাৰ জিলাৰ তিনিটা সমষ্টিতে বিজেপিয়ে যদি দলীয় প্রার্থিত্ব প্রদান নকৰে তেন্তে ১২খন মণ্ডল সমিতিয়ে বিজেপিৰ পৰা সমূহীয়া পদত্যাগ কৰিব বুলি সিদ্ধান্ত লয়৷
ৰঙিয়া সমষ্টি চিপিএম দলক এৰি দিয়াত কংগ্রেছ কর্মীৰ ক্ষোভ, ৰাজীৱ ভৱনত তলা ওলমাই প্রতিবাদ
মহাজোঁট বন্ধনৰ বাবে চিপিএমক ৰঙিয়া সমষ্টি এৰি দিয়াত ক্ষোভত জ্বলিছে ৰঙিয়াৰ কংগ্রেছ কর্মীসকল৷ ক্ষুব্ধ কংগ্রেছ কর্মীয়ে আজি ৰঙিয়াৰ ৰাজীৱ ভৱনত তলা ওলমাই প্রতিবাদ সাব্যস্ত কৰে৷ লগতে ৰাজীৱ ভৱন অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে৷ উল্লেখ্য যে মহাজোঁট বন্ধনৰ অংশ হিচাপে ৰঙিয়া সমষ্টিটো কংগ্রেছে চিপিএমৰ প্রার্থীক এৰি দিয়াটো নিশ্চিত হৈ পৰিছে৷ কিন্তু কোনোধৰণৰ গণভিত্তি নথকা চিপিএমৰ প্রার্থীয়ে সমষ্টিটোত জয়ী হ’ব নোৱাৰে বুলি ক্ষুব্ধ কংগ্রেছীসকলে স্পষ্টভাৱে জনায়৷ সেইবাবে কোনো কাৰণতে মিত্রজোঁটৰ প্রার্থীক সমর্থন নকৰে বুলি অসন্তুষ্ট কংগ্রেছ কর্মীসকলে সকীয়াই দিয়ে৷ অতিশীঘ্রে উক্ত সিদ্ধান্তৰ পুনৰ বিবেচনা কৰি সমষ্টিটোত কংগ্রেছৰ প্রার্থীক টিকট প্রদান কৰাৰ বাবে আহ্বান জনায়৷ অন্যথা সমূহীয়াভাৱে কংগ্রেছৰ পৰা পদত্যাগ কৰাৰ হুংকাৰ দিয়ে উক্ত কর্মীসকলে৷
বকো সমষ্টিত বিজেপিৰ প্রার্থী বিচাৰি বিক্ষোভ বিজেপি কর্মীৰ
ক্রমাৎ উত্তপ্ত হৈ পৰিছে বকো সমষ্টিৰ ৰাজনৈতিক বতাহ৷ নির্বাচনৰ দিন চমু চাপি অহা সময়তে টিকটক লৈ উত্তপ্ত হৈ পৰিছে বকো সমষ্টি৷ এফালে অগপ আনফালে বিজেপিক লাগে সমষ্টিটো৷ তেনে সময়তে একাংশ সংবাদ মাধ্যমত বকো সমষ্টি অগপক এৰি দিয়া খবৰ প্রচাৰ হোৱাত উত্তেজিত হৈ পৰিছে বকো সমষ্টিৰ বিজেপি কর্মী–সমর্থক৷ সমষ্টিটো মিত্রদল এজিপিক এৰি দিয়া খবৰত হতাশগ্রস্ত হৈ সমষ্টিৰ বিজেপি সমর্থকে আজি ছমৰীয়া মণ্ডল কার্যালয়ত উপস্থিত হৈ বকো সমষ্টিত বিজেপি প্রার্থী নিদিলে আত্মজাহ দিয়াৰ হুংকাৰ দিয়ে৷ লগতে মহিলা মর্চাৰ সদস্যা উত্তেজিত হৈ ছমৰীয়া মণ্ডল কার্যালয়ত তলা ওলমাই দিয়ে৷ ইফালে, বকোত উত্তেজিত নেতা–কর্মী তথা ৰাইজে ১৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ বিভিন্ন শ্লোগান দি বকো সমষ্টিত বিজেপিৰ প্রার্থী প্রক্ষেপ নকৰিলে ভোট বর্জনৰ হুংকাৰ দিয়ে প্রতিবাদকাৰীসকলে৷ পাছত বকো আৰক্ষী উপস্থিত হৈ উত্তেজিত প্রতিবাদকাৰীসকলক্ ছত্রভংগ দিয়ায়৷
অগপক আসন এৰি দিয়াক লৈ গোৱালপাৰাত টায়াৰ জ্বলাই বিজেপি কার্যালয়ৰ সন্মুখত প্রতিবাদ
গোৱালপাৰাতো চলিছে অগপ–বিজেপিৰ প্রার্থিত্বকেন্দ্রিক সংঘাত৷ মিত্রজোঁটে গোৱালপাৰা পূব বিধানসভা সমষ্টিটো অগপক এৰি দিয়াত ক্ষুব্ধ হৈ পৰিছে বিজেপিৰ তৃণমূল কর্মী৷ সমষ্টিটো অগপক এৰি দিয়াৰ পাছতে ঠায়ে ঠায়ে প্রতিবাদমুখৰ হৈ পৰিছে বিজেপিৰ কর্মীসকল৷ আজিও গোৱালপাৰা পূব সমষ্টিৰ বিজেপিৰ তৃণমূল কর্মীসকল হৈ পৰে প্রতিবাদমুখৰ৷ সাংগঠনিকভাৱে অতি শক্তিশালী হৈ উঠা সত্ত্বেও সমষ্টিটো অগপ দলক এৰি দিয়াত ক্ষোভিত কর্মীসকলে আজি বিজেপিৰ জিলা কার্যালয়ৰ সন্মুখত টাৱাৰ জ্বলাই প্রতিবাদ কৰে৷ লগতে বিজেপি জিন্দাবাদ ধবনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ লগতে সমষ্টিটোত বিজেপিক প্রতিনিধিত্ব কৰাৰ সুযোগ দিব লাগে বুলি দাবী কৰাৰ লগতে কর্মীসকলে কয় যে এইটো সমষ্টিত অগপৰ মূল্য নাই, প্রতিদিনে বন্ধ থাকে অগপৰ কার্যালয়৷ তাৰ পৰিৱর্তে সমষ্টিটোত বিজেপিৰ উত্থানৰ ক্ষেত্রত আমাৰ কর্মীসকলে দিনে–নিশাই কাম কৰি আছে৷ সেয়ে বিজেপিৰ প্রার্থিত্বপ্রত্যাশীসক্ ভিতৰত যিকোনো এজনক টিকট প্রদান কৰিলে জয়ী হোৱাটো নিশ্চিত বুলি কয় কর্মীসকলে৷

You might also like