জল্পনা-কল্পনাৰ অন্ত : বিশ্বনাথত বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস
বহু জল্পনা-কল্পনাৰ অন্ত পেলাই বিশ্বনাথত এইবাৰ বিজেপিৰ প্ৰাৰ্থীৰূপে ঘোষিত হৈছে পল্লৱলোচন দাসৰ নাম। টিকট নিশ্চিত হোৱা বুলি বাতৰিৰ পূৰ্বেই সামাজিক মাধ্যমত ইতিমধ্যে পল্লৱ লোচন দাসৰ নাম প্ৰকাশ পাইছিল।
উল্লেখ্য যে বিহালী আৰু ৰঙাপৰাৰ বিধায়কৰূপে নিৰ্বাচিত পল্লৱ লোচন দাস শক্তি বিভাগৰ মন্ত্ৰীৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি তেজপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদৰূপেও নিৰ্বাচিত হৈছিল।
মুখ্যমন্ত্ৰীৰ আস্থাভাজন পল্লৱ লোচন দাসে প্ৰাৰ্থিত্ব লাভৰ বিপৰীতে ১০টা বছৰ বিধায়কৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰমোদ বৰঠাকুৰ কট্টৰ আৰ এছ এছ অনুগামী বুলি জনাজাত যদিও প্ৰাৰ্থী বাচনিৰ বেলিকা বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল।
অৱশ্যে দুবাৰকৈ বিধায়ক, এটা কাৰ্যকালৰ সাংসদ পল্লৱ লোচনে প্ৰাৰ্থিত্ব লাভৰ খৱৰ বিয়পি পৰাৰ পিছতে উৎফুল্লিত হৈছে গেৰুৱা শিৱিৰ। বিজেপি প্ৰাৰ্থীজনে অহা ২৩ মাৰ্চত মনোনয়ন দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
একেদৰে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাত হতাশ হৈছে বিধায়ক প্ৰমোদ বৰঠাকুৰৰ সমৰ্থকসকল।
বিভিন্ন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত জন্মস্থান বিশ্বনাথক সেৱা কৰিবলৈ দলীয় প্ৰাৰ্থিত্ব আগবঢ়োৱা বাবে সৌভাগ্যৱান বুলি অভিহিত কৰি এই দিনটো স্মৰনীয় হৈ ৰ’ব বুলি প্ৰকাশ কৰে প্ৰাৰ্থী পল্লৱ লোচন দাসে। তদুপৰি বিশ্বনাথৰ ৰাইজ আৰু দলীয় কৰ্মকৰ্তাক কৃতজ্ঞতা জনোৱা পল্লৱলোচন দাসে বিশ্বনাথবাসীক প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰীৰ সমৃদ্ধিশালী অসমৰ যাত্ৰাত সহযোগী হোৱাৰ লগতে অঞ্চলটোৰ উন্নয়নত গুৰুত্ব দিব বুলি উল্লেখ কৰে।
বিশেষ বাৰ্তা, বিশ্বনাথ, ১৯ মাৰ্চ