কাইলৈ মনোনয়নপত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে
৯ এপ্ৰিলত অনুষ্ঠিত হব লগা অসম বিধানসভাৰ নিৰ্বাচনত জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি বিজেপিৰ হৈ কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
এইবাৰকে ধৰি সপ্তমবাৰৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা ড° শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰিব৷ কাইলৈ পুৱা ৯-৩০ বজাত মনোনয়ন পত্ৰ দাখিলৰ পদযাত্ৰাত গায়ন-বায়ন সমন্বিতে তিনি হাজাৰ সমৰ্থকে শুৱালকুছি মণ্ডল বিজেপিৰ অন্তৰ্গত ৯ পঞ্চায়তৰ পৰা অংশ গ্ৰহণ কৰিব বুলি শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি ধীৰাজ মহন্তই জানিবলৈ দিছে ৷
ইতিমধ্যে ইয়াক লৈ শুৱালকুছি মণ্ডল বিজেপিৰ কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে৷ কৰ্মীসকলে কাইলৈ অংশ গ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ শুৱালকুছি অঞ্চলৰ পৰা ৭৬খন বাহনে সমৰ্থকসকলক নিৰ্দিষ্ট স্থানলৈকে কঢ়িয়াই নিব ৷