দেশৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দেৰগাঁৱৰ শীতল পথাৰত দেৰগাঁৱৰ দলীয় প্ৰাৰ্থী ড০ মৃদুল কুমাৰ দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। দেৰগাঁও নগৰৰ সমীপৱৰ্তী শীতল পথাৰৰ বাগিচা খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাখনত ৰাইজক সম্বোধন কৰি তেওঁ প্ৰথমে অসমীয়াতে কয়, অসমৰ ৰাইজ কেনে আছে? ভালো? আপোনালোক সকলোলৈকে মৰম যাচিছো। আজি ইয়াত উপস্থিত হৈ মই আনন্দিত হৈছো।আপোনালোকৰ উপস্থিতি দেখি আৰু আনন্দিত হৈছো।আপোনালোকলৈ মোৰ মৰম আৰু শ্ৰদ্ধা যাচিলো।
পৰবৰ্তী সময়ত হিন্দীত দিয়া ভাষণত তেও কয় যে অসম আদিশক্তি মা কামাখ্যাৰ ধৰিত্ৰী, শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনা আৰু মহানায়ক লাচিত বৰফুকনৰ ভূমি। সাহস আৰু স্বাভিমানৰ ধৰিত্ৰী এই অসম।
মহাবাহু ব্ৰহ্মপুত্ৰৰ নদী বৈ গৈছে এই পবিত্ৰ ভূমিৰ মাজেদি।ইয়াৰ চাহৰ সুগন্ধি সমগ্ৰ দেশ বিয়পি আছে।ইয়াৰ বীৰ বীৰাংগনাই দেশৰ বাবে আত্মবলিদান দি দেশৰ সন্মান ৰক্ষা কৰি গৈছে।যাৰ বাবে তেও এনে এখন ঠাইত উপস্থিত হৈ আনন্দিত হোৱা বুলি অসমীয়াতে ব্যক্ত কৰে।
তেওঁ দেৰগাঁৱৰ প্ৰাৰ্থী মৃদুল দত্তক বিপুল ভোটত বিজয়ী কৰি বিধান সভালৈ পঠাবলৈ আহ্বান জনাই।দেশত আকৌ বিজেপিৰ চৰকাৰ আহি আছে। ভাজপাৰ প্ৰতিজ্ঞা তথা সংকল্প অনুসৰি অসমৰ সভ্যতা সংস্কৃতি,চিনাকী যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰা হব।
আমি আশা কৰো-অসমৰ ৰাইজৰ সন্মান ৰক্ষা হওক,অসমৰ উন্নয়ন হওক,অসমৰ বিকাশ হওক।এই সংকল্প লৈয়ে অসমত ডবল ইঞ্জিনৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি আছে।
তেও কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়,কংগ্ৰেছ থকা দিনত অসমক উপেক্ষা কৰি আহিছিল, ভেদভাব সৃষ্টি কৰিছিল। যোৱা দহ বছৰত সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকা ডবল ইঞ্জিন চৰকাৰৰ দিনত অসমক আচোৰ এটা পৰিবলৈ দিয়া নাই।
প্ৰতাৰনা কৰিবলৈ দিয়া নাই।কংগ্ৰেছে দিল্লীৰ লগতে অন্তৰৰ পৰাও অসমক নিলগত ৰাখিছিল। কংগ্ৰেছৰ কুশাসনৰ বাবে অসমত এসময়ত উগ্ৰবাদ,অত্যাচাৰ,দৰিদ্ৰতা আদিয়ে আগুৰি ধৰিছিল। কংগ্ৰেছৰ দিনত সীমাৰ অঞ্চলসমূহক দেশৰ অন্তিম অঞ্চল বুলি অভিহিত কৰাৰ বিপৰীতে মোডী চৰকাৰৰ দিনত সেই সীমা অঞ্চলসমূহ হিন্দুস্তানৰ প্ৰথম অঞ্চল হিচাপে গ্ৰহণ কৰা হৈছে।
আমাৰ নেতা অটল বিহাৰী বাজপেয়ীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে পৃথকে মন্ত্ৰীত্বৰ ব্যবস্থা আনিছিল। উত্তৰ পূবৰ বিকাশৰ বাবে প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াই বিশেষ উদ্যোগ লৈ আহিছে।উত্তৰ পূবৰ সমস্যা সমাধানৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসকল সঘনে অহা যোৱা কৰে।
অসমত এতিয়া আলোচ্য বিষয় নহয় সন্ত্ৰাসবাদ।ক্ষমতা আৰু অষ্ট লক্ষীৰ কথা,প্ৰগতিৰ কথা,উদ্যোগ প্ৰতিস্থাৰ কথা,আন্তঃগাঁঠনিৰ উন্নয়নৰ কথা এতিয়া অসমত আলোচনা হয়।দেশৰ প্ৰধানমন্ত্ৰীজন ৩৬বাৰ অসমলৈ আহিছে। যিটো ইতিহাসত বিৰল।
আমি হিন্দুস্তানৰ অগ্ৰগামী ৰাজ্যৰ ভিতৰত অসমক প্ৰতিষ্ঠা কৰিব বিচাৰো।আজি আত্মবিশ্বাসেৰে অসম হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰগতিৰ দিশত আগবাঢি গৈছে।বিকাশৰ কেন্দ্ৰ হৈ গৈছে অসম।নৰ্থ ইষ্টৰ বিকাশৰ বৰ্তমান ইঞ্জিন হৈ পৰিছে অসম।
যেতিয়া অসম বিকশিত হব তেতিয়া সমগ্ৰ ভাৰত বিকশিত হব বুলি তেওঁ কয়।ৰাইজে জানিবলৈ পাই সুখী হব,গৌৰৱ হব যে, অসমৰ এতিয়া সৰ্বাধিক তীব্ৰ গতিত অৰ্থনীতিৰ উন্নয়ন হৈছে।ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ তথ্য মতে অসমৰ অৰ্থনীতিৰ অবস্থা ৪৫শতাংশ বৃদ্ধি পাইছে।
অসমত এতিয়া বিনিয়োগ কাৰীৰ সোত বলিছে।অসমৰ অৰ্থনীতিক অৱস্থা ২০৩০চনৰ ভিতৰত ডেৰশ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা বুলিও তেও উল্লেখ কৰে।আগতে অসমত থকা ছখন চিকিৎসা মহাবিদ্যালয়ৰ পৰিবৰ্তে এতিয়া অসমত কিমান চিকিৎসা মহাবিদ্যালয় হল আপোনালোকে দেখিছেই।
গতিকে মই বিশ্বাস কৰো,উন্নয়নৰ বাবে ভাজপাৰ বিকল্প নাই।এতিয়া স্থাপন কৰা সাৰ কাৰখানাত বাৰ লাখ মেট্ৰিকটন সাৰ উৎপাদন কৰা হব।ৰেল উৰাজাহাজ আদিৰ ক্ষেত্ৰতো অসমৰ উন্নয়নৰ কথা তেও দোহাৰে।কংগ্ৰেছৰ দিনত নিতৌ সংঘটিত উগ্ৰবাদ, হত্যা হিংসাৰ ঘটনা এতিয়া শান্তিচুক্তিৰ মাধ্যমেৰে মষিমূৰ কৰা হৈছে।ভাষনৰ
মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাক উচ্চ প্ৰশংসা কৰি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামৰ অৰ্থ ভাঙনি কৰি কয়যে ,হিমন্ত মানে হিম্মত, বিশ্ব মানে বিশ্বই আৰু শৰ্মা মানে সুৰক্ষা। গতিকে এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ ৰাইজ আজি সুৰক্ষিত।
সভাত প্ৰাৰ্থী মৃদুল দত্তই ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী গৰাকী দেৰগাঁৱলৈ অহাটো পৰম সৌভাগ্য আৰু ই এক আশীৰ্বাদ বুলি ব্যক্ত কৰি দেৰগাঁওবাসীৰ আশিস কামনা কৰে।
আজিৰ বিশাল নিৰ্বাচনী সভাখনত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বৰ্তমানৰ দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, বিজেপিৰ ৰাজ্যিক সম্পাদক বিস্মিতা গগৈ, অগপৰ উপসভাপতি নুৰুল চুলতান, বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী, বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰ, অগপৰ জিলা সভাপতি ড০ নৃপেন বৰুৱা, দেৰগাঁৱৰ প্ৰভাৰী পাৰ্শ্বজ্যোতি বৰা, সীতাৰাম যাদব, অনিল বনিয়াদকে ধৰি বিজেপি, অগপ, গণশক্তি আদিৰ বহুকেইজন দলীয় নেতাই অংশগ্ৰহণ কৰে।
ইপিনে, বিজেপি অগপ মিত্ৰজোঁটৰ আজিৰ নিৰ্বাচনী সভাখনত বিজেপিৰ অসংখ্য পতাকাৰ বিপৰীতে অগপৰ এখনো পতাকা নথকা বিষয়টোলৈ সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়া দেখা যায়।
নিয়মীয়া বাৰ্তা, দেৰগাঁও, ৩১ মাৰ্চ