নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনক লৈ ৰাজনীতি নকৰিব- আহ্বান গৰিমা গাৰ্গৰ

জুবিন গাৰ্গ এজন সম্পূৰ্ণ অৰাজনৈতিক ব্যক্তি আৰু তেওঁক তেওঁৰ নিজৰ সত্তা আৰু পৰিচয়ৰ সৈতে থাকিবলৈ দিয়াটো অত্যন্ত প্ৰয়োজনীয়

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ সকলো ৰাজনৈতিক দল আৰু সংগঠনক আৱেগঘন আবেদন জনালে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।

গৰিমা শইকীয়া গাৰ্গে কয় যে জুবিন গাৰ্গ এজন সম্পূৰ্ণ অৰাজনৈতিক ব্যক্তি আৰু তেওঁক তেওঁৰ নিজৰ সত্তা আৰু পৰিচয়ৰ সৈতে থাকিবলৈ দিয়াটো অত্যন্ত প্ৰয়োজনীয়।

তেওঁ বেদনাভৰা কণ্ঠেৰে আহ্বান জনায়—“জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি নকৰিব। তেওঁক তেওঁৰ নিজৰ ৰূপতে সন্মান জনাওক।”

এই মন্তব্যৰ জৰিয়তে শিল্পীগৰাকীৰ পৰিয়ালে স্পষ্ট কৰি দিয়ে যে তেওঁলোক জুবিন গাৰ্গৰ নামক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা বিষয়টোত অসন্তুষ্ট।

উল্লেখ্য যে, সাম্প্ৰতিক সময়ত বিভিন্ন ক্ষেত্ৰত জুবিন গাৰ্গক লৈ হোৱা আলোচনা আৰু মন্তব্যৰ পিছতেই এই আবেদন জনাইছে।

ডিজিটেল ডেস্ক, ৩১ মাৰ্চ

You might also like