নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনঃ বিজেপিৰ সমন্বয় সমিতি গঠন

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষ্যে বিজেপিয়ে গঠন কৰি দিলে সমন্বয় সমিতি। আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে গঠন কৰি দিয়া সমন্বয় সমিতিখনে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সুস্থ আৰু সবলভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নেতৃবৰ্গ সক্ষম হ’ব বুলি আশা কৰে।

সমন্বয় সমিতিত আহ্বায়ক হিচাপে আছে সাংসদ হৰেনছিং বে’ আৰু সহঃ আহ্বায়ক হিচাপে আছে ৰাজকুমাৰ শৰ্মা, ডিপ্লু ৰঞ্জন শৰ্মা। সদস্য হিচাপে আছে কুইন ওজা, অতুল বৰা, পীয়ূষ হাজৰিকা, ডিম্বেশ্বৰ দাস, ৰমাকান্ত দেউৰী, আঙ্গুৰলতা ডেকা, ৰূপক শৰ্মা, শিবু মিশ্ৰ, অভিজিত নাথ, মৃগেন শৰণীয়া, প্ৰবীণ মেধি, অনিল শইকীয়া আৰু অনুপ কুমাৰ দেৱ।

উল্লেখ্য, ১৯খন আসন থকা তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১৭ ডিচেম্বৰত আৰু ভোটগণনা হ’ব ডিচেম্বৰৰ ১৯ তাৰিখে।

You might also like