নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বিজেপিৰ বিধানসভা নিৰ্বাচনভিত্তিক বিশাল সাধাৰণ সভা

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ আগন্তুক ২১ বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আন আন দলৰ লগতে শাসনাধিষ্ঠিত বিজেপি দলেও ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰি জোনাইত  অনুষ্ঠিত কৰিছে সাংগঠনিক সভা। সমষ্টিটোত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ অৰ্থে আজি জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱ জোনাই মণ্ডল, পশ্চিম জোনাই মণ্ডল, চিচি টঙানী মণ্ডল
চিলাপথাৰ টাউন মণ্ডল আৰু চিচিবৰগাঁও মণ্ডল এই পাঁচটা মণ্ডল সমতিক লৈ এখন বিশাল সমষ্টি ভিত্তিক বিশাল সাধাৰণ সভা জোনাইস্থিত টাউন ক্লাৱত অনুষ্ঠিত কৰা হয়৷

ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চিচি টঙানী মণ্ডলৰ সভাপতি নৰেন দলেই৷ সভাত বন্তি প্ৰজ্বলন কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ অশ্বিনী পাইতে আৰু সহযোগ কৰে জোনাই মণ্ডৰ বিজেপিৰ সভাপতি আদিত্য বৰুৱাই৷ ইয়াৰ পিছতে সম্ভৰ্ধনা অনুষ্ঠানৰ আতঁধৰে পশ্চিম জোনাই মণ্ডল বিজেপিৰ সভাপতি শিৱ দলেই৷ সভাত ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই সাংবাদিকৰ প্ৰশ্ন উত্তৰত কয় ৰাজ্যিক বিজেপিৰ সভাপতিৰ নিৰ্দেশ মৰ্মে আমি দলৰ সাংগঠনিক কাম-কাজ কৰি গৈছোঁ।

পূৰ্বতেও গণশক্তিৰ লগত মিত্ৰতা নাছিল আৰু ভৱিষ্যৎতেও নাথাকিব৷ যোৱা বাৰো জোনাই বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিয়া হৈছে আৰু ২০২১ টো বিজেপিৰ নিজা প্ৰাৰ্থী দিয়া হব বুলি মন্তব্য কৰি লগতে সমষ্টিটোত বৰ্তমানলৈকে সাত গৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে আবেদন কৰিছে বুলি উল্লেখ কৰে। জোনাই সমষ্টিৰ টিকটৰ দাবীদাৰ অশ্বিনী পাইতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পুনৰ কয় ২০২১ ত জোনাই বিধানসভা সমষ্টিত বিজেপি দলে নিজাববীয়া প্ৰাৰ্থীৰে প্ৰতিদন্দ্বিতা আগবঢ়াবলৈ ইতিমধ্যে জিলা আৰু মণ্ডল বিজেপিয়ে সিদ্ধান্ত লৈছে।

তেওঁ লগতে কয় যে পূৰ্বেও গণশক্তিৰে বিজেপিৰ মিত্ৰতা নাছিল আৰু ভৱিষ্যৎতেও গণশক্তিৰ লগত মিত্ৰতা নাই বুলি কয়৷  ইফালে বিজেপিৰ সাধাৰণ সভাত কংগ্ৰেছ , গণশক্তিৰ বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী বিজেপিত যোগদান কৰে৷

You might also like