নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ননৈ চেৰফাঙত বিজেপিৰ বিশাল জনজাগৰণ সভা

🔹 চাৰি শতাধিকৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰী : সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিটিআৰৰ চৌদিশে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে উঠি-পৰি লাগিছে শাসনভাৰ দখল কৰিবলৈ । পিছপৰি থকা নাই ভাৰতীয় জনতা পাৰ্টীও। প্ৰতিদিনে বিটিআৰৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী ৰণডংকা বজাইছে ভাৰতীয় জনতা পাৰ্টীয়ে । বিটিআৰত এতিয়া পূৰ্বতকৈও বিজেপিৰ ভেটি শক্তিশালী-মজবুত কৰিবলৈ উঠি-পৰি লাগিছে মন্ত্ৰী, বিধায়ক, ইএমৰ উপৰি দলীয় কৰ্মীসকল । বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিআৰতো ৰাজ্য চৰকাৰৰ সকলো আঁচনিয়ে গাঁৱে-ভূঁইক ঢুকি পাইছে । যিবোৰ অঞ্চলক কোনো আঁচনিয়ে ঢুকি পোৱা নাই, সেইবোৰ অঞ্চলৰ প্ৰতি লক্ষ্য আগত ৰাখি আগবাঢ়িছে বিজেপি । বিটিআৰৰ ৩৩নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ভাৰত-ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তত স্বাধীনতাৰ ৭৬ বছৰ পিছতো প্ৰায়ভাগ গাঁৱৰ দুৰৱস্থাই ৰাইজৰ চকু কপালত তুলিছে । যাৰ বাবে এতিয়া ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ কেইবাখনো গাঁৱৰ ৰাইজে ইউপিপিএল, বিপিএফ, কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দল ত্যাগ কৰি শুকুৰবাৰে ননৈ চেৰফাং সমষ্টিৰ ১নং মইনাওগুৰিত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল জনজাগৰণ সভাত সমষ্টিটোৰ সাতখন গাঁৱৰ চাৰি শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । কিয়নো বিগত সময়ছোৱাত এইবোৰ অঞ্চলত কোনো এগৰাকী জনপ্ৰতিনিধিয়ে ৰাইজৰ সমস্যাৰ বুজ ল’বলৈ আহৰি নাপালে, যাৰ বাবে আজিও ৰাস্তা-ঘাট, খোৱাপানীৰ সমস্যা, শিক্ষানুষ্ঠানৰ অভাৱ, যাতায়াতৰ সমস্যা, হাতী-মানুহৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আহিছিল । কিন্তু ইয়াৰ যিবোৰ অঞ্চলত যাতায়াতৰ বাবে যান-বাহন যাব নোৱাৰে, এম্বুলেন্স যাব নোৱাৰে, বাৰিষা কালত শিক্ষাৰ্থীয়ে পাঠদান কৰিবলৈ যাব নোৱাৰে, তেনেকুৱা বিভিন্ন সমস্যাৰ মাজত জীৱন নিৰ্বাহ কৰি থকা গাঁওসমূহত ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ইএম সঞ্জীৎ তাঁতীয়ে নিজে মটৰ চাইকেলেৰে গৈ প্ৰতিঘৰ মানুহৰ লগত মত বিনিময় কৰি, ৰাইজৰ সৈতে সভা-সমিতি অনুষ্ঠিত কৰি সকলোকে আশ্বাস দিছে সমস্যা সমাধান কৰাৰ । সেয়ে সাতখনকৈ গাঁৱৰ ৰাইজে একগোট হৈ ননৈ চেৰফাং সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ দলে-বলে যোগদান কৰে । বিটিআৰত এতিয়া অন্য ৰাজনৈতিক দলৰ প্ৰতি মোহভংগ হৈছে সকলোৰে, এতিয়া বিজেপিৰ নীতি-আদৰ্শক আঁকোৱালি লৈছে, সেয়েহে লোকসভা নিৰ্বাচনত দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপিৰ জয় হোৱাটো নিশ্চিত । বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সাজু হৈ উঠিছে।- এই মন্তব্য ইএম সঞ্জীৎ তাঁতীৰ । শুকুৰবাৰে ননৈ চেৰফাং মণ্ডলৰ সভাপতি অশোক মাহাতোৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ইএম সঞ্জীৎ তাঁতীয়ে । এই সভাত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ উপ-সভাপতি বিকন চন্দ্ৰ ডেকা, জনজাতি মৰ্চাৰ সভাপতি দণ্ডিৰাম ৰাভা, সাধাৰণ সম্পাদক অৰ্জুন দৈমাৰীকে ধৰি দলীয় নেতা-কৰ্মীৰ উপৰি সহস্ৰাধিক লোক উপস্থিত থাকে ।

প্ৰেৰক পিংকু কলিতা

You might also like