নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমান বিধ্বংসী নতুন ‘আকাশ’ ক্ষেপণাস্ত্রৰ পৰীক্ষা

🔹 ভাৰতৰ নিজা প্রযুক্তিৰ অত্যাধুনিক অস্ত্র

বিশেষ বাৰ্তা, ১২ জানুৱাৰী : দেশীয় প্রযুক্তিত নির্মিত বিমান বিধ্বংসী ‘আকাশ’ ক্ষেপণাস্ত্রৰ উন্নততৰ সংস্কৰণৰ পুনৰ সফল পৰীক্ষা কৰিলে ভাৰতীয় প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ই৷ সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি আজি ওড়িশাৰ চাঁদিপুৰ উপকূলৰ ইণ্টিগ্রেটেড টেষ্ট ৰেঞ্জৰ পৰা মধ্যম দূৰত্বৰ ‘মাটিৰ পৰা আকাশ’লৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্রটোৱে নির্ভুল লক্ষ্যভেদ কৰিবলৈ সক্ষম হৈছে৷ প্রতিৰক্ষা মন্ত্রণালয়ৰ সূত্রৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি অতি দ্রুত গতিৰে এখন চালকবিহীন বিমানক সফলভাৱে ধ্বংস কৰিছে নতুন এই আকাশ ক্ষেপণাস্ত্রই৷ এই নতুন ক্ষেপণাস্ত্রত আছে ৰেডি’ ফ্রিকুৱেঞ্চি ছিকাৰ, মাল্টি ফাংছন ৰাডাৰ আৰু আধুনিক কমাণ্ড কণ্ড্রল তথা কমিউনিকেছন ছিষ্টেম৷ ‘আকাশ’ৰ পুৰণি সংস্কৰণত এই ব্যৱস্থাবোৰ নাছিল৷

You might also like