নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ১১ আসন নিশ্চিত, ১২-১৩খনৰ বাবে এতিয়া যুঁজ দি আছোঁ

বিশেষ বাৰ্তা, ২৬ মাৰ্চঃ অসমত আমাৰ ১১খন আসন নিশ্চিত। তথাপিও ১২ আৰু ১৩ নম্বৰৰ কাৰণে আমি এতিয়া যুঁজ দি আছো। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পাছত ১২ আৰু ১৩ৰ কাৰণে আমি সকলো জঁপিয়াই পৰিম। নগাঁও আৰু কৰিমগঞ্জ দখলৰ বাবে আমি সৰ্ব্বস্ব উজাৰি দিম, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পাছত- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত এনেদৰেই সদৰী কৰে। ডিব্ৰুগড়ৰ সংসদীয় সমষ্টিৰ এনডিএ তথা বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত লখিমপুৰৰ পৰা পোনে পোনে ডিব্ৰুগড়ত আহি উপস্থিত হয় মুখ্যমন্ত্ৰী ড° শৰ্মা। মনোনয়ন দাখিল কৰাৰ পূৰ্ৱে সোণোৱালৰ বিশাল সমদলত সংগ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। ডিব্ৰুগড়ৰ আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দিয়াৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত যোৰহাটৰ ফলাফলৰ সন্দৰ্ভত কয় যে হিচাপ কৰি কৰি ভাগৰ লাগি যাব। তিনি লাখৰ অধিক ভোটত বিজয়ী হম। চাওক মই কোনো ব্যক্তি বিশেষে কবলৈ নাযাও। কিন্তু বেলেটৰ বাকচত লাখপতি বাইদেউ, অৰুনোদয়, চৰকাৰী চাকৰি, মাইক্ৰ’ফাইনেন্স ৰেহাই কিমান হাতচাপৰি পৰিব, কিমান বুঢ়া আঙুলি পৰিব, তাৰ কোনো হিচাপ নাই। প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা আটাইকেইখন আসনতে বিপুল ভোটত জয়ী হম। আপোনালোকে দেখিব–কেনেকৈ নৰেন্দ্ৰ মোদীক আৰ্শীবাদ কৰিব, কেনেকৈ ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক আৰ্শীবাদ কৰিব। এই নিৰ্বাচন এক পক্ষীয় নিৰ্বাচন, কিন্তু নিৰ্বাচনে আমাৰ দায়িত্ব বঢ়াব, অসমৰ ৰাইজক আমি আৰু হিয়া উজাৰি সেৱা কৰিম— মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে। ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে বিপুল ভোটত জয়লাভ কৰিব বুলি অতি দৃঢ়তাৰে সদৰী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৃতীয়টো গৌৰৱ উজ্জ্বল কাৰ্যকালত অসমে এক সুন্দৰ বৰঙনি আগবঢ়াব বুলিও জানিবলৈ দিয়ে। তেওঁ আৰু কয়- মোৰ যিটো অভিমত বা ডিব্ৰুগড়ক মই যিমান ওচৰৰ পৰা জানো, মই পোনচাতে কব পাৰো যে ভোটৰ ব্যৱধান তিনি লাখৰ ওপৰত হব। লুৰিণৰ সন্দৰ্ভত কওঁ যে ৪০ৰ পৰা ৫০ হাজাৰ ভোট পাব।মনোজ ধানোৱাৰেও ৪০ৰ পৰা ৬০ হাজাৰ ভোট পাব পাৰে বুলি মন্তব্য কৰে। আনহাতেদি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন শেষ কৰাৰ লগে লগেই একাংশ শুভাকাংক্ষীয়ে চেলফি লবলৈ হেতাওপৰা কৰা পৰিলক্ষিত হয়।
প্ৰেৰক বিভাস দুৱৰা
You might also like