নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃণালিনী দেৱীলৈ মহীয়সী নাৰী আজলি আই বঁটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ সত্রপীঠ মাজুলীস্থিত পৱিত্রধাম আজলি আই দিৱস অহা ২৯ আৰু ৩০ মার্চত আড়ম্বৰপূর্ণ অনুষ্ঠানেৰে উদযাপনৰ প্রস্তুতি চলিছে৷ এই অনুষ্ঠানতেই আই আজলি বঁটা ২০২৪ প্রথমবাৰৰ বাবে প্রদান কৰা হ’ব অসম সাহিত্য সভাৰ প্রাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক, আদর্শ মাতৃ মৃণালিনী দেৱীক৷ মন কৰিবলগীয়া যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ভগ্নী তথা মায়ামৰা সমাজৰ আদ্যগুৰু শ্রীশ্রীঅনিৰুদ্ধ দেৱৰ মাতৃ আজলি আই অসমৰ সমাজ সংস্কৃতি আৰু আধ্যাত্মিক জীৱনৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকা এগৰাকী পূজনীয় মহীয়সী নাৰী৷ এইগৰাকী মহিয়সী নাৰী আজলি গোসাঁনী ষষ্ঠদশ শতিকাত নাৰী সমাজক সংস্কাৰৰ দিশে আগুৱাই নিয়াত অগ্রণী ভূমিকা গ্রহণ কৰি এগৰাকী বিদুষী মহিলা হিচাপে নিজকে বৃহত্তৰ অসমীয়া সমাজখনত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ এইগৰাকী মহিয়সী নাৰীৰ কার্যসাধনৰ পৱিত্র ঠাইখনেই হৈছে আজলি আই থান৷ বর্তমানৰ ঐতিহাসিক শ্রীশ্রী নতুন চামগুৰি সত্রত দক্ষিণ দিশত তথা মেখেলি গাঁৱৰ নিচেই সমীপতে এই থানখন৷ ক্রমাৎ পর্যটকৰ আকর্ষণৰ কেন্দ্রলৈ পর্যবসিত হোৱা আইৰ থানখনলৈ বিভিন্ন সময়ত ভকত–বৈষ্ণৱৰ সমাগম হৈ আহিছে৷ আইৰ থানখনৰ ঐতিহ্য তথা ইয়াৰ গুৰুত্বক আগুৱাই নিয়াৰ লক্ষ্যৰে দুদিনীয়া কার্যসূচীৰে ২৯-৩০ মার্চত আজলি আই দিৱসটি পালন কৰা হ’ব৷ এই অনুষ্ঠানতে অহা ২৯ মার্চত মায়ামৰা সত্রৰ সত্রাধিকাৰসকল, সন্ত, মহন্ত, বিদ্বানসকলৰ সন্মুখত মৃণালিনী দেৱীক আজলি আই বঁটাৰে সন্মানিত কৰা হ’ব৷ উল্লেখ্য যে ইতিমধ্যে অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি মৃণালিনী দেৱী বহু সন্মানেৰে সন্মানিত হৈছে৷ নৃত্যাঞ্জলি কলা কেন্দ্রই ইতিমধ্যে নৃতাঞ্জলি বঁটা–২০২৪, অসম আদর্শ মাতৃ বঁটা, লেখিকা সন্থা, অসমে লাৱণ্য হাজৰিকা মাতৃ বঁটা, সদৌ অসম লেখিকা সমাৰোহে স্বর্ণপ্রভা বঁটা, শশীপ্রভা কলিতা আদর্শ জননী বঁটা, উইমেন ছ’চিয়েল ৱর্কাৰ বঁটা আদিৰে ইতিমধ্যে মৃণালিনী দেৱী সন্মানিত হৈছে৷

You might also like