নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন

ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক শক্তিৰ সক্রিয়তা অধিক তৎপৰ কৰি তোলা হৈছে। এই ক্ষেত্ৰত দলীয় কার্যকৰ্তাসকলৰ মনোবল বৃদ্ধি কৰিবলৈ অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডিব্রুগড়লৈ আহিব।

এই সন্দৰ্ভত মুখপাত্র কল্যাণ গগৈয়ে আজি দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি কয় যে ৰাষ্ট্ৰীয় সভাপতিগৰাকী অহা ১৭ ফেব্ৰুৱাৰীত দিনৰ ১ বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হ’বহি। প্রায় দুহাজাৰ কাৰ্যকৰ্তা আৰু সাংস্কৃতিক কর্মীয়ে তেওঁক আদৰণি জনাব। ইয়াৰ পৰাই তেওঁ খনিকৰ চাৰিআলিত উপস্থিত হোৱাৰ লগে লগে ১৫টা সাংস্কৃতিক দলে আদৰণি জনাব। এক মুকলি বাহনৰ জৰিয়তে এই স্থানৰ পৰাই তেওঁ মানকটা খেলপথাৰত উপস্থিত হৈ ভাৰতীয় জনতা পার্টী, অসম প্ৰদেশৰ দ্বাৰা আয়োজিত পৃষ্ঠাপ্রমুখৰ সন্মিলনত অংশগ্রহণ কৰিব। প্রায় ২০,০৮৫জন পৃষ্ঠাপ্রমুখ এই সন্মিলনত উপস্থিত থাকিব।

পৰৱৰ্তী পর্যায়ত তেওঁ ডিব্রুগড় জিলাৰ পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া প্রবুদ্ধ নাগৰিক সন্মিলনত অংশগ্রহণ কৰিব। সন্ধিয়া ৭ বজাত ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত দলৰ প্ৰভাৰী, সহ-প্ৰভাৰী তথা কাৰ্যকৰ্তাসকলৰ সৈতে সাংগঠনিক বৈঠকত মিলিত হ’ব। ১৯ তাৰিখে পুৱা ৯ বজাত বাৰেকুৰি নামঘৰত সেৱা আগবঢ়াব আৰু ১০ বজাত সৰ্বানন্দ সিংহৰ সমাধিত শ্রদ্ধাঞ্জলি জনাব। দিনৰ ১১ বজাত মনোহাৰী চাহ বাগিচাৰ অন্তৰ্গত এক বুথত দলীয় কার্যকর্তাসকলৰ সৈতে মত বিনিময় কৰি অসম ভ্রমণ কাৰ্যসূচী সমাপ্ত কৰিব। ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ এই ভ্ৰমণে নিশ্চিতভাৱে দলৰ কাৰ্যকৰ্তাসকলক উৎসাহ যোগাব।

You might also like