নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী

নিয়মীয়া বাৰ্তা,  ১৭ ছেপ্টেম্বৰ : ২৪ৰ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালকৈ ধুবুৰীত বিজেপি দলৰো আৰম্ভ হৈছে সাংগঠনিক তৎপৰতা। তাৰেই অংশৰূপে তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজিৰ ওপজা দিনটোত ধুবুৰীত বিজেপিৰ ধুবুৰী টাউন মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশাল যোগদান কাৰ্য্যসূচী। আজি বিয়লি চহৰখনৰ চিলড্ৰেন পাৰ্কস্থিত ভৱনত অনুষ্ঠিত সেই কাৰ্য্যসূচীত ২০০ৰো অধিক যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। আজিৰ এই যোগদান কাৰ্যসূচীত বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, দলটোৰ জ্যেষ্ঠ নেতা বিমল কুমাৰ ওচৱাল, ডাঃ দেৱময় সান্যাল, দীপক কুমাৰ সাহা, বিজেপিৰ যুৱ মৰ্চাৰ ধুবুৰী জিলা সভাপতি বিশ্বজিৎ দাস প্ৰমুখ্যে দলটোৰ কেইবাগৰাকী কাৰ্যকৰ্তা উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like