নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনকুবেৰ মাস্কৰে পত্নীৰ প্রেম ! বিবাহ বিচ্ছেদ গুগলৰ সহ-প্রতিষ্ঠাতাৰ

🔹 ছের্গেই ব্রিন–নিকোল চানাহানৰ কাহিনীক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা

বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : ধনকুবেৰ এলন মাস্কৰ সৈতে প্রেমৰ সম্পর্ক পত্নীৰ- এই সন্দেহত পত্নীৰে বিবাহ বিচ্ছেদ ঘটালে গুগলৰ সহ-প্রতিষ্ঠাতা ছের্গেই ব্রিনে৷ যোৱা ২৬ মে’ত ব্রিন দম্পতীৰ বিবাহ বিচ্ছেদ হয়৷ শেহতীয়াকৈ পোহৰলৈ আহিল এই ঘটনা৷ নিকোল চানাহান নামৰ অধিবক্তা তথা উদ্যোগপতি মহিলাগৰাকীৰ সৈতে মাস্কৰ অবৈধ সম্পর্কৰ কথা জনাৰ পিছতে পত্নীৰ সৈতে বিচ্ছেদ ঘটায় ছের্গেই ব্রিনে৷ এই মুহূর্তত ৪ বছৰীয়া শিশু কন্যাক নিজৰ জিম্মাত ৰাখিবলৈ আইনী যুঁজ চলাই আছে ছের্গেই আৰু নিকোলে৷ উল্লেখনীয় যে ২০১৫ চনত প্রথম পত্নীৰ সৈতে বিচ্ছেদ হৈছিল ছের্গেই ব্রিনৰ৷ তাৰ পিছত নিকোলৰ সৈতে সম্পর্ক গঢ়ি তোলে গুগলৰ সহ-প্রতিষ্ঠাতাগৰাকীয়ে৷ তিনি বছৰ ধৰি প্রণয়ৰ সম্পর্ক চলাৰ পিছত নিকোলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ব্রিন৷ কিন্তু তেওঁলোকৰ সম্পর্কৰ মাজত ছায়া পৰে ‘তৃতীয় ব্যক্তি’ এলন মাস্কৰ৷ ২০২১ চনৰ পৰা দুয়োৰে মাজৰ সম্পর্কৰ অৱনতি ঘটিবলৈ ধৰে৷ ২০২২ চনত বিবাহ বিচ্ছেদৰ বাবে গোচৰ তৰে ব্রিনে৷ লক্ষণীয়ভাৱে প্রেমৰ সম্পর্কৰ কথা অস্বীকাৰ কৰি আহিছে এলন মাস্ক আৰু নিকোলে৷ ইয়াৰ পূর্বে মাস্কে দাবী কৰিছিল যে ছের্গেই ব্রিন তেওঁৰ ঘনিষ্ঠ বন্ধু৷ নিকোলৰ সৈতে কোনোধৰণৰ ঘনিষ্ঠতা নাই বুলিও ঘোষণা কৰিছিল এলন মাস্কে৷ নিকোলৰ সৈতে মাস্কৰ কোনোধৰণৰ সম্পর্ক নাই বুলি মাস্কে দাবী কৰি আহিছে যদিও ছের্গেই ব্রিনে সেই দাবীত পতিয়ন যোৱা নাছিল। গতিকে পত্নী নিকোলৰ সৈতে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লয় ব্রিনে৷ শেহতীয়াকৈ এই ঘটনা সংবাদ মাধ্যমত চর্চালৈ আহিছে৷

You might also like