নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজ চেনেলৰ এংকৰ বর্জনক সমর্থন নকৰে নীতিশ কুমাৰে

🔹 নিউজ চেনেলৰ এংকৰ বর্জনক লৈ ‘ইণ্ডিয়া’ জোঁটৰ অভ্যন্তৰত মতানৈক্য

বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : নিউজ চেনেলৰ ১৪গৰাকী এংকৰক বর্জন কৰা সিদ্ধান্তক লৈ এইবাৰ ‘ইণ্ডিয়া’ জোঁটৰ অভ্যন্তৰতে সৃষ্টি হৈছে মতানৈক্য৷ বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে এই সিদ্ধান্ত সন্দর্ভত একো নাজানে বুলি স্পষ্ট কৰি দিছে৷ ‘ইণ্ডিয়া’ জোঁটৰ মতে এই ১৪গৰাকী নিউজ এংকৰে সাম্প্রদায়িক বিভাজনত উচটনি দি আহিছে৷ গতিকে ‘ইণ্ডিয়া’ জোঁটৰ কোনো প্রতিনিধি এই এংকৰকেইগৰাকীৰ শ্ব’ত নাথাকিব বুলি সিদ্ধান্ত লোৱা হৈছে৷ আজি নীতিশ কুমাৰে কয় যে এই কার্যক তেওঁ সমর্থন নকৰে৷ সাংবাদিকৰ স্বাধীনতাৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰাৰ পক্ষপাতী নহয় বুলি নীতিশ কুমাৰে স্পষ্ট কৰি দিছে৷

You might also like