নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা-ত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী, ডেৰ সহস্ৰাধিকৰ বিজেপিত যোগদান

সমাগত বিধানসভা নিৰ্বাচন। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত নিৰ্বাচনক লৈ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। শাসকীয় বিজেপিয়ে সমষ্টিয়ে সমষ্টিয়ে দলীয় ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ হাতত লৈছে। তাৰ অংশস্বৰূপে ৭৭নং ঢকুৱাখনা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো মণ্ডলত বিজেপি দলে ব্যাপক প্ৰচাৰ আৰু দলীয় সংগঠন শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে।

আজি ভাৰতীয় জনতা পাৰ্টি ঢকুৱাখনা জিলা কাৰ্যলয়ত ঢকুৱাখনা মণ্ডল আৰু পশ্চিম ঢকুৱাখনা মণ্ডলৰ উদ্যোগত বৃহৎ যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হয়। ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ উপস্থিতিত ডেৰ সহস্ৰাধিক বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰা সকলো ন-কাৰ্যকৰ্তাকে বিধায়ক নৱ কুমাৰ দলেই উষ্ম আদৰণি জনায়।যোগদান কাৰ্যসূচীত বিধায়ক নৱ কুমাৰ দলেৱে কয়- আজিৰ দিনটো ভাৰতীয় জনতা পাৰ্টীৰ ঢকুৱাখনা জিলাৰ ইতিহাসত এক স্মৰণীয় দিন হিচাপে ইতিহাসত লিপিবদ্ধ থাকিব। এক যোগদান কাৰ্যসূচীত ডেৰ সহস্ৰাধিক লোকৰ উপস্থিতিয়ে ইয়াকে স্পষ্ট কৰে যে বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়ি আহিছে।

বিজেপিৰ প্ৰতি ৰাইজৰ মৰম আৰু আশীৰ্বাদ যে অপ্ৰতিৰোধ্য; তাক আজি এই সভাখনে প্ৰমাণিত কৰিছে।তেওঁ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতৰ বলিষ্ঠ কাৰ্যসূচীয়ে অসমৰ ৰাইজৰ মাজত প্ৰাণৰ সঞ্চাৰ আশাৰ সঞ্চাৰ কৰিছে বুলিও মন্তব্য কৰে।

উল্লেখ্য যে আজিৰ যোগদান অনুস্থানত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী সত্য চমুৱাই দুই শতাধিক কংগ্ৰেছ কৰ্মীসহ বিজেপিত যোগদান কৰে। বিজেপিৰ ঢকুৱাখনা জিলা সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁই,ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰদীপ চমুৱা,আমন্ত্ৰিত সদস্য বসন্ত শইকীয়া,জিলা সভাপতি স্বৰূপ কোঁৱৰ ,পৌৰপতি ৰাজীৱ দাস,হাৰ্হি-মাতমৰা জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু,ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী বৰ্ণালী পেগু,জিলা,মণ্ডল,মৰ্চা আৰু কোষৰ বিষয়ববীয়াসকল আৰু দলৰ সকলো স্তৰৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২১ নৱেম্বৰ

You might also like