কলকাতাত ৪ দিনে আবদ্ধ ছুপাৰ ৮ৰ পৰা বাহিৰ হোৱা ৱেষ্ট ইণ্ডিজ ক্রিকেট দল
ডিজিটেল ডেস্ক, ৬ মার্চ : চলিত টি–২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ ৪ দিন পিছতো স্বদেশলৈ ৰাওনা হ’ব পৰা নাই ৱেষ্ট ইণ্ডিজ ক্রিকেট দলটো৷ বিশ্বকাপৰ ছুপাৰ ৮ৰ পৰা বাহিৰ হোৱা কেৰেবিয়ান দলটো কলকাতাতে আবদ্ধ হৈ আছে৷
ইৰানৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধৰ বাবে পশ্চিম এছিয়াৰ বিভিন্ন দেশৰ বিমান যাতায়াত বন্ধ হৈ পৰিছে৷ ইয়াৰ ফলত ৱেষ্ট ইণ্ডিজ ক্রিকেট দলটো স্বদেশলৈ ৰাওনা হোৱাত বিলম্ব ঘটিছে৷ ডুবাইত বিমান পৰিবহণ বন্ধ কৰি দিয়াৰ বাবে ৱেষ্ট ইণ্ডিজ দলটো স্বদেশলৈ ৰাওনা হ’ব পৰা নাই৷
প্রথম অৱস্থাত জনা গৈছিল যে আইচিচিয়ে চার্টার্ড বিমানেৰে ৱেষ্ট ইণ্ডিজৰ ক্রিকেট দলটোক লণ্ডন হৈ ৱেষ্ট ইণ্ডিজলৈ ঘূৰাই নিয়াৰ চেষ্টা চলাইছিল৷ পৰিকল্পনা আছিল যে কেৰিবিয়ান ক্রিকেটাৰসকলে সপ্তাহটোৰ মাজভাগত ভাৰত এৰিব৷ কিন্তু এতিয়াও দলটো কলকাতাতে আবদ্ধ হৈ আছে৷ স্বদেশলৈ কেতিয়া ৰাওনা হ’ব, সেই সন্দর্ভত এতিয়াও নিশ্চিত হোৱা নাই৷
উল্লেখ্য যে যোৱা ১ মার্চত ছুপাৰ ৮ত ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পিছতে ৱেষ্ট ইণ্ডিজৰ বিশ্বকাপত অভিযানৰ অন্ত পৰে৷