নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুন্নাভাইৰ চিকিৎসাত প্রাণ গ’ল শিশুৰ, ১৩ হাজাৰ টকা লৈ কৰিলে হাৰ্নিয়াৰ অস্ত্রোপচাৰ

নিয়মীয়া বার্তা, ৩০ আগষ্টঃ কালি মুন্নাভাইৰূপী এজন চিকিৎসকৰ চিকিৎসাৰ বলি হৈ এটি ১০ বছৰীয়া শিশুৰ কৰুণ মৃত্যু ঘটা এটা কাণ্ডই নলবাৰী জিলাৰ মুকালমুৱাত তীব্র চাঞ্চল্যৰ লগতে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ এনে কাণ্ড সংঘটিত হৈছে মুকালমুৱাৰ শনিৰোড অঞ্চলত৷ মুন্নাভাই চিকিৎসকজনে হার্ণিয়াৰ অস্ত্রোপচাৰ কৰাৰ ফলত কৰুণ মৃত্যুক সাবটি লোৱা এই শিশুটি হৈছে বৰক্ষেত্রীৰ কুৰিহামাৰী চৰৰ আব্দুল হকৰ পুত্র মইনুল হক৷

প্রাপ্ত খবৰ মতে, হার্ণিয়া ৰোগত আক্রান্ত নলবাৰী জিলাৰ বৰক্ষেত্রীৰ কুৰিহামাৰী চৰৰ আব্দুল হকৰ পুত্র মইনুল হকক কালি মুন্নাভাই এম বি বি এছ চৰিফউদ্দিন আহমেদে কৰিছিল অস্ত্রোপচাৰ৷ ১৩ হাজাৰ টকাৰ বিনিময়ত মুকালমুৱাৰ শনিৰোডৰ মিৰ হুছেইন নামৰ লোকজনৰ ঘৰত কৰিছিল এই অস্ত্রোপচাৰ৷ জনা মতে, চৰিফউদ্দিন আহমেদ প্রকৃততে হৈছে স্থানীয় লাউতোলা উপ–স্বাস্থ্যকেন্দ্রৰ চতুর্থবর্গৰ অস্থায়ী কর্মচাৰী৷

পিছত নিশা ১২মান বজাত শিশুটিৰ মৃত্যু ঘটাত হাহাকাৰ লাগে৷ অভিযোগ অনুসৰি, হার্ণিয়া ৰোগত আক্রান্ত শিশুটিক চৰাঞ্চলৰ মাতব্বৰেহে চিকিৎসাৰ বাবে আনিছিল মুন্নাভাই এম বি বি এছ চৰিফউদ্দিনৰ অস্থায়ী চেম্বাৰলৈ৷ লক্ষণীয়ভাৱে চৰাঞ্চলত সকলো কাম–কাজ নিয়ন্ত্রণ কৰে মাতব্বৰে৷ মুন্নাভাই এম বি বি এছৰ চিকিৎসাৰ পৰিণতিত যোৱানিশা শিশুটিৰ মৃত্যু ঘটাৰ পিছত আজি কাণ্ডকটোক লৈ শনিৰোড অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে৷

ৰাইজৰ এনে উগ্রমূর্তি দেখি ভুৱা চিকিৎসকজনে ছেগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ইপিনে, এনেধৰণৰ ঘটনাৰ ক্ষেত্রত উভয়পক্ষৰ পৰা ধন লৈ মাতব্বৰে বিচাৰকার্য সম্পাদন কৰাৰ বাবেই আৰক্ষী থানাতো দাখিল নকৰে এজাহাৰ৷ অশিক্ষিত লোকসকলৰ মাজত ভুৱা চিকিৎসকে এনেদৰে চিকিৎসা চলাই অহাৰ ফলত চৰাঞ্চলত বহু লোকৰ মৃত্যু ঘটিছে যদিও জিলা প্রশাসনে এই সন্দর্ভত উপযুক্ত ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ সেয়েহে স্বাস্থ্য বিভাগ কিম্বা জিলা প্রশাসনে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হ’ব৷

You might also like