নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰাত্মক ভাইৰাছে পুনৰ প্রাণ কাঢ়িলে ৯জনৰ

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ  পূর্বৰ  তুলনাত অসমত ক’ৰোনাত আক্রান্তৰ হাৰ কিছু নিম্নগামী হৈছে যদিও ভয়াৱহতাৰ পৰা এতিয়াও মুক্ত হোৱা নাই ৰাজ্যখন৷ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত ক’ৰোনাত আক্রান্ত ৯গৰাকী লোকৰ মৃত্যু হয়৷ ইয়াৰ লগে লগে অসমত এতিয়ালৈ ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৯৪গৰাকীলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি বৃহস্পতিবাৰে ক’ৰোনাত আক্রান্ত হৈ ডিব্রুগড়ৰ দিব্যৰঞ্জন চুতীয়া (৬২), কামৰূপ মেট্র’ৰ খনীন্দ্র তালুকদাৰ (৭১), লখিমপুৰৰ বর্ণালী শইকীয়া (৩৫), মাজুলীৰ বাপুৰাম শইকীয়া (৭৯), গোলাঘাটৰ দিলীপ দাস (৩৯), যোৰহাটৰ কুমুদ দত্ত (৭৫), কাছাৰৰ অর্জুন প্রসাদ সোণাৰ (৭৫), ধুবুৰীৰ ইমফাৰ আলী শ্বেখ (৬৪) আৰু কোকৰাঝাৰৰ যতীন্দ্র ঘোষৰ (৮২) মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে আজিৰ দিনটোত অসমত নতুনকৈ ১,১৮৮গৰাকী লোক ক’ৰোনাত আক্রান্ত হয়৷ ইয়াৰে ২৩২গৰাকী কামৰূপ মহানগৰৰ আৰু ১১১গৰাকী যোৰহাটৰ৷ আজিৰ দিনটোত ৰাজ্যখনত ৩২,৪০৮গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৩.৬৭ শতাংশ৷ মন কৰিবলগীয়া এয়ে যে আজি আক্রান্ত হোৱাসকলকে ধৰি ৰাজ্যখনত এতিয়ালৈ মুঠ ১,৯১,৩৯৭গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে, আজি সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ২,১৯৮গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ এতিয়ালৈ মুঠ ১,৫৯,৮৩৩গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে৷ বর্তমান ৰাজ্যখনত ৩০,৭৬৭গৰাকী লোক চিকিৎসাধীন হৈ আছে৷

You might also like