নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি দিন সন্ধানহীন সাংবাদিকৰ মৃতদেহ গংগাধৰ নৈত উদ্ধাৰ

বিগত প্ৰায় তিনি দিন ধৰি সন্ধানহীন হৈ থকা বিশিষ্ট সাংবাদিক তথা আগমনী-বক্সিৰহাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি পাপ্পু জ্যোতিষীৰ মৃতদেহ মঙলবাৰে গভীৰ নিশা ভাৰত-বাংলাদেশ সীমান্ত সংলগ্ন গংগাধৰ নদীৰ পৰা উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে যোৱা ৭ জুনত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল সাংবাদিকগৰাকী। তাৰ পিছৰে পৰা পৰিয়ালবৰ্গ, সহকৰ্মী আৰু শুভাকাংক্ষীসকলে ব্যাপক অনুসন্ধান চলাই আহিছিল যদিও তেওঁৰ কোনো সন্ধান পোৱা নাছিল।

মঙলবাৰৰ নিশা গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ বিন্নাচৰা অঞ্চলৰ গংগাধৰ নদীত এটা মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক অৱগত কৰে। খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

মৃতদেহৰ পৰিধান কৰা চোলাৰ পকেটৰ পৰা উদ্ধাৰ হোৱা প্ৰেছ পৰিচয় পত্ৰৰ ভিত্তিত আৰক্ষীয়ে মৃতদেহটো পাপ্পু জ্যোতিষীৰ বুলি নিশ্চিত কৰে।

ইফালে, সাংবাদিকগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। ইতিমধ্যে এয়া এক হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। মৃত সাংবাদিকজনৰ বৰপুত্ৰ গৌৰৱ জ্যোতিষীয়ে যোৱা দেওবাৰে সন্ধিয়া প্ৰায় সাত বজালৈকে তেওঁৰ পিতৃয়ে পৰিয়ালৰ সৈতে স্বাভাৱিকভাৱে কথা পাতিছিল আৰু কিবা কামত গোলকগঞ্জত থকাৰ বাবে ঘৰলৈ অলপ দেৰিকৈ উভতি আহিব বুলি জনোৱা বুলি সদৰি কৰিছে।

কিন্তু, সিদিনাই নিশা আঠ বজাৰ পিছৰে পৰা পিতৃৰ মোবাইল ফোন বন্ধ হৈ পৰা বুলিও স্থানীয় সংবাদ মাধ্যমক জনাইছে গৌৰৱে। গৌৰৱ জ্যোতিষীৰ অভিযোগ, “এয়া আত্মহত্যা নহয়, পৰিকল্পিত হত্যাকাণ্ড। মোৰ পিতৃ যথেষ্ট দৃঢ় মনোবলৰ মানুহ আছিল। তেওঁ কেতিয়াও আত্মহত্যাৰ পথ বাছি নলয়। আমি এই ঘটনাৰ সম্পূৰ্ণ তদন্ত আৰু ন্যায় বিচাৰ দাবী কৰিছোঁ।”

সাংবাদিকগৰাকীৰ মৃত্যু সন্দৰ্ভত বৰ্তমানলৈকে কোনো নিশ্চিত তথ্য পোহৰলৈ অহা যদিও আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ সকলো দিশ সূক্ষ্মভাৱে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত মৃত্যুৰ প্ৰকৃত কাৰণ অধিক স্পষ্ট হ’ব বুলি আশা কৰা হৈছে। আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত গোলকগঞ্জৰ ছোটগুমাৰ নিজ গৃহলৈ নিয়া হ’ব সাংবাদিকগৰাকীৰ নিজৰ দেহ।

ইপিনে, স্থানীয় সংবাদ জগতত অত্যন্ত জনপ্ৰিয় সাংবাদিকগৰাকীৰ এই অকাল মৃত্যুৰ খবৰে ধুবুৰী জিলাৰ সাংবাদিক মহলক স্তম্ভিত কৰি তুলিছে। জিলাখনৰ স্থানীয় সংবাদ জগতৰ সৈতে জড়িত সকলোৱে ঘটনাটোৰ নিৰপেক্ষ, স্বচ্ছ আৰু দ্ৰুত তদন্তৰ দাবী জনাইছে।

উল্লেখ্য যে পাপ্পু জ্যোতিষীয়ে ২০০১ চনৰ পৰা পূৰ্বাঞ্চল প্ৰহৰী হিন্দী দৈনিক কাকতৰ হৈ অসম-পশ্চিমবংগ সীমান্তৱৰ্তী অঞ্চলৰ পৰা সংবাদসেৱা আগবঢ়াই আহিছিল। সাংবাদিকতা জগতত উল্লেখযোগ্য অৱদানৰ বাবে তেওঁ সুপৰিচিত আছিল।

বৰ্তমানে তেওঁ আগমনি-গোলকগঞ্জ প্ৰেছ ক্লাবৰ উপদেষ্টা হিচাপে দায়িত্ব পালন কৰাৰ লগতে বিজেপিৰ হালাকুৰা মণ্ডলৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপেও জড়িত আছিল। মৃত্যুৰ সময়ত পত্নী আৰু দুই পুত্ৰসহ আত্মীয়-স্বজন আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায় প্ৰয়াত সাংবাদিকগৰাকীয়ে।

সাংবাদিকগৰাকীৰ এই অকাল মৃত্যুৰ খবৰে স্থানীয় সাংবাদিক মহল, ৰাজনৈতিক ক্ষেত্ৰকে ধৰি আৰু বিভিন্ন সামাজিক সংগঠনৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে। জ্যোতিষীৰ এই অকাল বিয়োগত সদৌ ধুবুৰী জিলা ছাত্র সন্থাকে ধৰি বিভিন্ন সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১০ জুন

You might also like