নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ বৰলীয়া নৈত উদ্ধাৰ নৱজাতকৰ মৃতদেহ, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

🔹 ৰঙিয়াৰ বৰলীয়া নৈত উদ্ধাৰ নৱজাতকৰ মৃতদেহ ।
🔹 বনগাঁও অঞ্চলত নৈত উপঙি থকা অৱস্থাত নৱজাতকটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ।
🔹 ঘটনাটো পোহৰলৈ অহাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।
🔹 খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল ।
🔹 আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ।
🔹 কোনে আৰু কি কাৰণত নৱজাতকটিক নৈত পেলাই থৈ গ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
🔹 নিজৰ কলংক ঢাকিবলৈ কোনোবাই নৱজাতকটিক পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।
🔹 ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ ৰঙিয়া অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
🔹 আৰক্ষীয়ে ঘটনাটোৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

You might also like