নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঢ়ুৱৈৰ ভিৰে ৰজনজনাই থকা ধুবুৰী জিলা গ্ৰন্থাগাৰত এতিয়া নিমাওমাও পৰিৱেশ

ডিজিটেল ডেস্ক, ধুবুৰী, ২০ জুন : স্বাধীনতাৰ পিছত শিক্ষা আৰু জনসাধাৰণৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ লক্ষ্যৰে ১৯৫৬ চনত স্থাপন কৰা হৈছিল ধুবুৰী জিলা গ্ৰন্থাগাৰ। অসমত গঠন কৰা প্ৰথম সাত জিলা গ্ৰন্থাগাৰৰ অন্যতম এই প্ৰতিষ্ঠানটোৱে সাত দশকৰো অধিক সময় ধৰি ধুবুৰী তথা পশ্চিম অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে ভূমিকা পালন কৰি আহিছে।

এসময়ত ধুবুৰী চহৰৰ সাহিত্যপ্ৰেমী, শিক্ষক, গৱেষক, ছাত্ৰ-ছাত্ৰী, চৰকাৰী চাকৰিৰ প্ৰাৰ্থী আৰু সাধাৰণ পঢ়ুৱৈৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ আছিল এই গ্ৰন্থাগাৰ। পুৱাৰ পৰা সন্ধিয়ালৈ পাঠাগাৰৰ কক্ষত চলিছিল বাতৰি কাকত আৰু আলোচনী পঢ়াৰ প্ৰতিযোগিতা। কোনোবাই অভিধান ওলোটাইছিল, কোনোবাই বিশ্বকোষৰ পৃষ্ঠা লুটিয়াই তথ্য সংগ্ৰহ কৰিছিল, আনহাতে কোনোবাই সাহিত্যৰ সাগৰত ডুব দিছিল। জ্ঞানচৰ্চা আৰু মত বিনিময়ৰ এক সজীৱ পৰিৱেশেৰে মুখৰিত হৈ থাকিছিল সমগ্ৰ চৌহদ।

ধুবুৰী জিলা গ্ৰন্থাগাৰত অসমীয়া, বাংলা, ইংৰাজী আৰু হিন্দী ভাষাৰ কেইবাহাজাৰ পুথি সংৰক্ষিত আছে। সাহিত্য, ইতিহাস, সমাজ বিজ্ঞান, ৰাজনীতি, বিজ্ঞান, জীৱনী, ধৰ্ম, অভিধান, বিশ্বকোষ আদিৰ উপৰি বহু পুৰণি আলোচনী আৰু দুষ্প্ৰাপ্য প্ৰকাশন আজিও ইয়াত মজুত আছে। অঞ্চলটোৰ সাহিত্য-সংস্কৃতিৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত বহু মূল্যৱান গ্ৰন্থ এতিয়াও এই গ্ৰন্থাগাৰৰ থাকসমূহত নিঃশব্দে নিজৰ অস্তিত্ব ৰক্ষা কৰি আছে।

কিন্তু সময়ৰ লগে লগে আৰু আধুনিক সুবিধাৰ অভাৱত গ্ৰন্থাগাৰটোৰ বহু পুথিৰ পৃষ্ঠা হালধীয়া হৈ পৰিছে, বান্ধনি ছিঙি গৈছে, কাগজ ক্ষয়িষ্ণু হৈছে। আৰ্দ্ৰতা, ধূলি-মাকতি আৰু পৰ্যাপ্ত সংৰক্ষণ ব্যৱস্থাৰ অভাৱত বহু আপুৰুগীয়া পুথি ধ্বংসৰ মুখলৈ আগবাঢ়িছে। কিছু পুথি এতিয়া হাতেৰে স্পৰ্শ কৰিলেই ছিঙি যোৱাৰ অৱস্থাত উপনীত হৈছে বুলি জানিব পৰা গৈছে।

বয়োজ্যেষ্ঠ নাগৰিকসকলে এতিয়াও স্মৰণ কৰে পুঁথিভৰালখনৰ এসময়ৰ গৌৰৱজ্জ্বল ইতিহাস। এসময়ত বাতৰি কাকত পঢ়িবলৈ খালী আসন বিচাৰি পোৱা কঠিন আছিল; চাকৰিৰ প্ৰস্তুতি লোৱা যুৱক-যুৱতী, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু সাহিত্যপ্ৰেমীসকলৰ উপস্থিতিয়ে পাঠাগাৰৰ পৰিৱেশক সদায় সজীৱ কৰি ৰাখিছিল। বহু লেখক, সাংবাদিক আৰু বৌদ্ধিক ব্যক্তিত্বৰ বাবে এই গ্ৰন্থাগাৰ আছিল চিন্তা-চৰ্চাৰ এক গুৰুত্বপূৰ্ণ স্থান।

কিন্তু ডিজিটেল যুগৰ আগমনৰ লগে লগে মানুহৰ পঢ়াৰ অভ্যাসত পৰিৱৰ্তন আহিল। মোবাইল ফোন, ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ দিশে অধিক আকৰ্ষিত হোৱাৰ ফলত গ্ৰন্থাগাৰৰ পাঠকৰ সংখ্যা হ্ৰাস পালে। তদুপৰি, আধুনিকীকৰণ, ডিজিটেলাইজেচন, উন্নত পাঠাগাৰ ব্যৱস্থা আৰু নিয়মীয়া সংৰক্ষণৰ অভাৱেও পৰিস্থিতি অধিক জটিল কৰি তুলিলে। ফলস্বৰূপে, এসময়ত পঢ়ুৱৈৰ ভিৰে ৰজনজনাই থকা এই ঐতিহ্যমণ্ডিত প্ৰতিষ্ঠানটো এতিয়া অধিকাংশ সময়তেই জনশূন্য হৈ থাকে।

সচেতন মহলৰ মতে, ধুবুৰী জিলা গ্ৰন্থাগাৰত সংৰক্ষিত বহু আপুৰুগীয়া পুথি আৰু নথি অঞ্চলটোৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পদ। এই মূল্যৱান সম্পদসমূহ ৰক্ষাৰ বাবে বিজ্ঞানসম্মত সংৰক্ষণ ব্যৱস্থা, পুথিসমূহৰ ডিজিটেলাইজেচন, নতুন প্ৰজন্মক আকৃষ্ট কৰিবলৈ আধুনিক পাঠাগাৰ ব্যৱস্থা, ই-লাইব্ৰেৰী, নিয়মীয়া ৰক্ষণাবেক্ষণ আৰু পৰ্যাপ্ত জনবলৰ ব্যৱস্থা অতি প্ৰয়োজনীয়।

পৰিতাপৰ বিষয় এয়াও যে এটা গ্ৰন্থাগাৰৰ মৃত্যু মানে কেৱল এখন ঘৰ বা কেইবাটাও পুথিৰ বিনাশ নহয়; ই এটা অঞ্চলৰ জ্ঞান-সংস্কৃতি, ইতিহাস আৰু স্মৃতিৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ বিলুপ্তি। সাত দশকৰ গৌৰৱ কঢ়িয়াই অনা ধুবুৰী জিলা গ্ৰন্থাগাৰে আজি যেন আহ্বান জনাইছে নীৰৱে—আগন্তুক প্ৰজন্মৰ বাবে এই জ্ঞানভঁৰাল আৰু ইয়াৰ আপুৰুগীয়া সম্পদসমূহ সংৰক্ষিত কৰাৰ।

You might also like