নিয়মীয়া বাৰ্তা, কাজলগাঁও, ২ অক্টোবৰ : দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে চিৰাঙত পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। জিলাখনৰ কাশিকোত্ৰা- বাসুগাঁও সংযোগী গুৱাবাৰীত নৱমীৰ দিনা অৰ্থাৎ বুধবাৰে বঙাইগাঁও বাবুপাৰাৰ সুৰজ সাহা (৩০) নামৰ যুৱকজনৰ ৰহস্যজনকভাৱে পথৰ দাঁতিত পৰি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় ৷
পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, অষ্টমীৰ নিশা প্ৰায় ১১.১০ বজাত যুৱকজনৰ সৈতে মাতৃয়ে ফোনযোগে শেষবাৰৰ বাবে কথা পাতিছিল৷ তেতিয়া যুৱকজনে তেওঁ ঢালিগাঁৱত থকা বুলি জনাইছিল আৰু ঢালিগাঁৱৰ পৰা ঘৰলৈ গৈ থকা বুলিও মাতৃক কৈছিল৷ ইয়াৰ পিছত নিশা ১২ মান বজাত পুনৰ ফোন কৰা হৈছিল। তেতিয়া ৰিং হৈছিল যদিও ফোন গ্ৰহণ কৰা নাছিল ৷ পুনৰ ১.১০ বজাত তেওঁক ফোন কৰাত মোবাইলৰ ছুইচ অফ দেখুৱাইছিল ৷ ইয়াৰ পিছত নৱমীৰ দিনা অৰ্থাৎ বুধবাৰে পুৱা যুৱকজনৰ পৰিয়াললৈ বাসুগাঁও থানাৰ আৰক্ষীয়ে ফোন কৰি সুৰজৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিবলৈ দিয়ে ৷ যুৱকজনক হত্যা কৰি মৃতদেহ পথৰ দাঁতিত পেলাই থৈ যোৱা বুলি সন্দেহ কৰা হৈছে ৷
ইতিমধ্যে বাসুগাঁও আৰক্ষী থানাত যুৱকজনৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে। বাসুগাঁও আৰক্ষীয়েও ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷ বঙাইগাঁও বাবুপাৰাৰ স্থানীয় ৰাইজে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।