নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রট’কল মনাৰ বিকল্প নাই

হঠাতে ক’ৰোনাৰ দ্বিতীয়টো ঢ়ৌত পৰা ভাৰতবর্ষত শেহতীয়াকৈ প্রতিদিনে প্রায় ৪ লাখ লোক মাৰাত্মক ভাইৰাছটোত আক্রান্ত হৈছে৷ এয়া বিশ্বত দিনে সংক্রমণৰ চিকাৰ হোৱা লোকৰ আধাতকৈও অধিক৷ ইপিনে মৃত্যুৰ সংখ্যাৰেও দেশখনে প্রতিদিনে নতুন নতুন অভিলেখ গঢ়িছে৷ কিন্তু বিপজ্জনক কথাটো হ’ল, ভাৰতবর্ষৰ বাবে সমাগত এটা মাহ অতিকৈ উদ্বেগজনক৷ দেশখনত এতিয়ালৈকে যিটো হাৰত ক’ৰোনাৰ সংক্রমণ ঘটি আছে, সেয়া যদি অব্যাহত থাকে ১১ জুনলৈ ভাৰতত ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা হ’ব ৪.০৪ লাখ৷ অর্থাৎ এমাহতে বিশাল দেশখনত দুই লক্ষাধিক লোকে প্রাণ হেৰুৱাবলগীয়া হ’ব৷ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চে শেহতীয়াকৈ চলোৱা এটা সমীক্ষাত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ তেওঁলোকে দেশখনত প্রতিদিনে মৃত্যু হোৱা লোকৰ সংখ্যাৰ তুলনামূলক অধ্যয়ন কৰি ১১ জুনলৈ ভাৰতত চাৰি লক্ষাধিক লোকৰ ক’ৰোনাত মৃত্যু হ’ব বুলি ভৱিষ্যৎ বাণী কৰিছে৷ বাংগালুৰুৰ শৈক্ষিক প্রতিষ্ঠানটোৰ বিপৰীতে আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ হেল্থ মেট্রিক্স এণ্ড ইভাল্যুচনৰ তথ্য অধিক শিহৰণকাৰী৷ প্রতিষ্ঠানটোৰ মতে ভাৰতত জুলাইৰ শেষলৈকে ১০,১৮,৮৭৯জন লোকে ক’ৰোনাত প্রাণ হেৰুৱাব৷ যদি এয়াই সঁচা হয়, দেশখনত কেনে ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হ’ব সেয়া কল্পনাৰো অগোচৰ৷ চৌদিশে মৃত্যুৰ কিৰীলি শুনা যাব৷ আই চি ইউ, ভেণ্টিলেটৰ, বিছনাৰ অভাৱত দেশখনত হাহাকাৰৰ সৃষ্টি হ’ব৷ শ্মশান, কবৰস্থান মৃতকৰ দ’মেৰে ভৰি পৰিব৷ ক’ভিডত আক্রান্ত লোকেৰে দেশখনৰ প্রায় প্রতিটো ঘৰ ভৰি পৰিব৷ এনে শিহৰণকাৰী তথা বিভীষিকাময় পৰিস্থিতিৰ পৰা দেশখনক ৰক্ষা কৰিব পৰা নাযাবনে?
দৰাচলতে ভাৰতবর্ষত সম্ভাব্য বিপর্যয়ৰ ছবিখন বিভিন্ন প্রতিষ্ঠানে অংকন কৰাৰ আঁৰত আছে দেশখনৰ সিংহভাগ জনসাধাৰণৰ ক’ভিড প্রট’কলৰ প্রতি শ্রদ্ধাহীন মনোভাব৷ উদাহৰণ স্বৰূপে মহাৰাষ্ট্রৰ কথাকে ক’ব পাৰি৷ মহাৰাষ্ট্রত ক’ভিডৰ দ্বিতীয়টো ঢ়ৌৱে সংহাৰৰ সৃষ্টি কৰি থকা সময়তে ৰাজ্যখনত ইয়াৰ এটা বিপৰীত ছবিহে দেখা গৈছে৷ কি মুম্বাই, কি নাগপুৰ সকলোতে ক’ভিড প্রট’কল ভাঙি জনসাধাৰণে ৰাজহুৱা স্থানত ভিৰ কৰি আছে৷ অনুৰূপ ধৰণে ক’ভিডৰ সংক্রমণত বিপর্যস্ত দিল্লীতো ক’ভিড প্রট’কল নমনা লোকৰ সংখ্যা অগণিত৷ এনে অৱস্থাত দেশখনত ক’ৰোনাৰ সংক্রমণ ৰোধ কৰাটো কোনোপধ্যেই সম্ভৱপৰ নহয়৷ আনহাতে, অসমৰ ছবিখনো একেই দুর্দশাগ্রস্ত৷ মে’ৰ ৫ তাৰিখ অহালৈকে ৰাজ্যখনত এদিনত ক’ৰোনাত আক্রান্তৰ সংখ্যা প্রায় ৫ হাজাৰ হোৱাৰ উপক্রম ঘটিছে৷ তদুপৰি এদিনতে মৃতকৰ সংখ্যাই ৫০ৰ ঘৰ পাৰ কৰিছে৷ এয়া এচাম দায়িত্বজ্ঞানহীন লোকৰ বাবে সম্ভৱ হৈছে৷ ৰাজ্যখনত যদি ক’ভিড প্রট’কল কঠোৰভাৱে মানি চলা নহয়, কম দিনৰ ভিতৰতে ক’ৰোনাসৃষ্ট পৰিৱেশ চৰকাৰৰ হাতৰ পৰা ওলাই যাব৷ ৰাজ্য চৰকাৰে গৰিব–দুখীয়া লোকৰ অর্থনৈতিক অৱস্থাৰ প্রতি লক্ষ্য ৰাখি লকডাউন ঘোষণাৰ পৰা আঁতৰি আছে৷ কিন্তু যদি ৰাজ্যখনত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যাৰ বিপৰীতে হাস্পতালত বিছনা তথা অন্যান্য চিকিৎসা সামগ্রীৰ অভাৱ ঘটিবলৈ আৰম্ভ কৰে, তেতিয়া অসমত লকডাউনৰ বিকল্প নাথাকিব৷ সেয়ে এতিয়া প্রয়োজন ক’ভিড প্রট’কল মানি চলাৰ৷ সামাজিক দূৰত্ব যিকোনো পৰিস্থিতিত মানি চলিবই লাগিব৷ তদুপৰি ভাইৰাছটোৰ সংক্রমণৰ পৰা নিজৰ লগতে ১০জনকো সুৰক্ষিত কৰি ৰখাৰ বাবে মাস্ক পিন্ধিবই লাগিব৷ ইয়াৰ কোনো বিকল্প নাই৷ অসমত যাতে মহাৰাষ্ট্র অথবা দিল্লীসদৃশ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু লকডাউন ঘোষণা কৰিব লগা নহয়, সেই সুৰক্ষামূলক পৰিৱেশ সৃষ্টিৰ দায়িত্ব জনগণৰ৷

You might also like