নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ ৰাজাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা; বাইক আৰু আল্ট্ৰা বাছৰ সংৰ্ঘষত ১৫ জন যাত্ৰী আহত 

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ: কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত ৰাজাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত আহত হয় ১৫ জন লোক ৷ এ এচ ১৮ এফ ৭৪৯১ নম্বৰৰ পালছাৰ বাইকখনে ৰাজাপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথলৈ ওলাই আহি ঘুৰিবলৈ লওতেই গোৱালপাৰা দিশৰ পৰা গুৱাহাটীৰ দিশে আহি থকা এ এচ ০১ এল ছি ৯০৪১ নম্বৰৰ আল্ট্ৰা বাছখনৰ মুখামুখী হয় ৷ ফলত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত গছত তীব্ৰ খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ এই দুৰ্ঘটনাত বাইক চালক আৰু আৰোহী কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয় ৷ ইপিনে  দুৰ্ঘটনাত বাছখনৰ ১৫ জন যাত্ৰী আহত হয় । আহত আটাইকেইজন যাত্ৰীকে ততাতৈয়াকৈ বকো স্বাস্থ্য কেন্দ্ৰত ভৰ্তী কৰে যদিও ইয়াৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৬ জন লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । গুৰুতৰভাৱে আহত আব্দুল ৰেজাক, বাছি আলী, আমিৰুদ্দিন, নুৰুল হক, মহম্মদ আলম হকক, মহম্মদ চাহনুৰ ৰহমান জৰুৰীভাবে গুৱাহাটীলৈ প্ৰেৰন কৰে ৷ বাছ খনৰ চালকজন গাড়ীৰ ভিতৰতে বহু সময় আৱদ্ধ হৈ পৰাত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
You might also like