নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশাৰ মহানগৰীত ডাম্পাৰ চালকৰ দৌৰাত্ম্য

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ নিশাৰ মহানগৰীত অব্যাহত আছে ট্রাক–ডাম্পাৰ চালকৰ দৌৰাত্ম্য৷ যান–বাহন আইন ভৰিৰে মোহাৰি নিশাৰ ৰাজপথত ট্রাক–ডাম্পাৰ চালকে অধিক বোজা কঢ়িয়াই নিয়াৰ লগতে পথচাৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ ট্রাক–ডাম্পাৰ চালকৰ মইমতালিৰ বাবে ইতিমধ্যে বহু লোকে অকাল মৃত্যুক সাম্ভটি ল’বলগীয়া হৈছে আৰু একাংশই চিৰদিনৰ বাবে ঘুণীয়া হৈ দুর্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ে মহানগৰীত চলাচল কৰা চিটী বাছ আৰু শ্বেয়াৰ টেক্সিৰ অতপালি ৰোধ কৰিবলৈ নিতৌ ন ন কৌশল অৱলম্বন কৰি আহিছে যদিও নিশাৰ মহানগৰীত ত্রাসৰ সৃষ্টি কৰা ট্রাক–ডাম্পাৰ চালকৰ বিৰুদ্ধে ৰহস্যজনকভাৱে ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

মহানগৰীত চলাচল কৰা যান–বাহনৰ গতিবেগ নির্ধাৰণ কৰাৰ লগতে সুৰাসক্ত চালকক নাকী লগোৱাৰ উপৰি যান–বাহন আইন উলংঘাকাৰীৰ চালকৰ বিৰুদ্ধে জিলা পৰিবহণ বিভাগে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ সময়তে নিশাৰ মহানগৰীত অধিক বোজা কঢ়িয়াই অনা তীব্রবেগী ট্রাক–ডাম্পাৰ চালকৰ বিৰুদ্ধে নৰম স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ একাংশ দুুর্নীতিগ্রস্ত আৰক্ষী বিষয়াৰ ছত্রছায়াত টহলদাৰী আৰক্ষীয়ে নিশা ৰাজপথত চলাচল কৰা ট্রাক–ডাম্পাৰ চালকৰ পৰা নিয়মিতভাৱে ধন সংগ্রহ কৰি আহিছে৷ প্রাপ্ত অভিযোগ অনুসৰি, বৰবাৰী, পাথৰকোৱৰী, সাতগাঁও আৰু বাঘৰবড়ি তিনিআলিৰ লগতে খানাপাৰা, বেলতলা আৰু বশিষ্ঠৰ নতুন বজাৰত নিশা টহলদাৰী আৰক্ষীয়ে প্রতিখন ট্রাক–ডাম্পাৰ চালকৰ পৰা ১০০ টকাৰ পৰা ২৫০ টকাপর্যন্ত সংগ্রহ কৰি যান–বাহন আইন উলংঘাৰ পৰা ডাম্পাৰ চালকক সুৰক্ষা দিছে৷ অসম চৰকাৰৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ নেতৃত্বত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ বিষয়া–কর্মচাৰীসক বিভিন্ন সময়ত ৰাজপথত অভিযান চলাই সংবাদ মাধ্যমৰ দৃষ্টি আকর্ষণ কৰাৰ প্রচেষ্টা অব্যাহত ৰখাৰ সময়তে নিশাৰ মহানগৰীত চলাচল কৰা তীব্রবেগী ট্রাক–ডাম্পাৰ চালকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ এই লৈ সচেতন মহলত ব্যাপক চর্চা হৈছে৷

You might also like