নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোটেলত কৰ্মৰত উজ্জ্বল পাইতৰ গ্ৰন্থ উন্মোচন জুৰী বৰা বৰগোহাঁইৰ

বিশেষ বাৰ্তা, ২ মে” : হোটেলত কৰ্মৰত এজন যুৱকে লিখি উলিয়ালে গ্ৰন্থ। শৈশৱৰ পৰা ঘাত-প্ৰতিঘাতেৰে সন্মুখীন হৈ অহা ঘটনা-পৰিঘটনাক সামৰি যুৱকজনে লিখি উলিয়ালে ‘মোৰ সন্ত্ৰাসবাদী হোৱাৰ মন’ শীৰ্ষক গ্ৰন্থখন। হোটেলৰ সাধাৰণ কৰ্মচাৰী হিচাপে কৰ্মৰত ধেমাজিৰ উজ্জ্বল পাইত নামৰ যুৱকজনৰ গ্ৰন্থখন কালি উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক তথা সমাজসেৱিকা জুৰী বৰা বৰগোহাঁয়ে। ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠস্থিত নাংফা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উজ্জ্বল পাইতৰ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট ঔপন্যাসিক জুৰী বৰা বৰগোহাঁয়ে কয়, এই গ্ৰন্থখন উপন্যাস হিচাপে কিমান সফল হৈছে সেই কথা পাঠকে ক’ব। তেওঁৰ অৱৰুদ্ধ কন্ঠ অৰ্থাৎ হেঁচা-ঠেলা তথা আমাৰ প্ৰান্তীয় মানুহৰ কষ্ট-যাতনা, চৰকাৰী গুৰুত্বহীনতাৰ বাবে এজন যুৱকৰ মনত কি কি কথাই হেচা মাৰি ধৰিছে তাৰেই বহিঃপ্ৰকাশ ঘটিছে। এখন ডায়েৰীৰ দৰে লিখি উলিওৱা এই গ্ৰন্থখনে যথেষ্ট সমাদৰ পাব বুলি আমাৰ দৃঢ়বিশ্বাস। লেখকৰ লিখাৰ স্পৃহা খোব আছে। তেওঁ যদি উপন্যাস পঢ়ে তেনেহ’লে এদিন ভাল ঔপন্যাসিক হ’ব পাৰিব। ইফালে চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যাপক তথা লেখক লক্ষীনন্দন বৰগোহাঁই আৰু জ্যেষ্ঠ সাংবাদিক চন্দন ফুকনে লেখকৰ এই সাহসিকতাক ভূয়সী প্ৰশংসা কৰি বক্তব্য প্ৰদান কৰে। সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰে আঁত ধৰা এই অনুষ্ঠানত প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ৰাজীৱ গগৈ, ব্যৱসায়ী বাবলু দে’, সাংবাদিক দীপিকা বৰুৱা, ফাৰহানা চুলতানা আদিয়ে উপস্থিত থাকে।
প্ৰেৰক বিভাস দুৱৰা
You might also like