নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফৰ নেতাসকল গাজা মাৰা নেতা : বিধায়ক জলেন দৈমাৰী

নিয়মীয়া বাৰ্তা, ২৫ মেঃ বাক্সা জিলাৰ তামুলপুৰ সমষ্টিৰ অন্তৰ্গত তথা শুক্লাই চেৰফাং সমষ্টিৰ বিভিন্ন প্ৰান্তত আজি স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে কেইবাটাও নতুন পথৰ শুভ উদ্বোধন কৰে। নাওকাটাৰ কলবাৰী গাঁৱৰ চিলাৰায় মন্দিৰৰ পৰা শিৱ মন্দিৰলৈ যোৱা পথটি শুভ উদ্বোধন কৰি অনুষ্ঠিত ৰাজহুৱা সভাত বিধায়ক জলেন দৈমাৰীয়ে নিজৰ ভাষনত কয় যে চৰকাৰত নথকা মানুহে কোনো চৰকাৰী আচনি দিব নোৱাৰে। আঁচনি দিব পাৰে চৰকাৰৰ জনপ্ৰতিনিধিহে। বিগত ১৭ বছৰে শাসনভাৰত থকা বিপিএফক টাৰ্গেট কৰি বিধায়কগৰাকীয়ে কয় যে বিপিএফৰ নেতাবোৰ হল গাজা মাৰা নেতা। যোৱা সোতৰ বছৰে একো কাম কৰিব পৰা নাছিল। বিপিএফৰ কাৰ্যকালত চাৰিওফালে কেৱল অশান্তিহে হৈছিল। বিপিএফৰ দিনত হোৱা চাকৰিয়ালৰ দৰমহা হোৱা নাছিল। সেই দৰমহা নোহোৱা চাকৰিয়ালক আমি বিজেপি আৰু ইউপিপিএলৰ মিত্ৰ চৰকাৰখনে এজন এজনকৈ মাতি একাদিক্ৰমে চাকৰি নিয়মীয়া কৰাৰ দিহা কৰিছোঁ। আৰু এই মহান কামতো একমাত্ৰ প্ৰমোদ বড়োৰ নেতৃত্বত থকা ইউপিপিএল চৰকাৰৰ মহানুভৱতাৰ বাবে সম্ভৱ হৈছে। চিলাৰায় মন্দিৰ প্ৰাঙ্গনত দিনৰ ১২ বজাত আৰম্ভ হোৱা সভাত বিধায়ক জলেন দৈমাৰীয়ে পুনৰ কয় যে- এইবাৰ মই তামুলপুৰ জিলাৰ ৫০ কিলোমিটাৰ পথৰ কাম কৰিছোঁ। এতিয়াও বিভিন্ন অঞ্চলৰ ৰাষ্টাৰ কাম কৰাৰ বাবে জো-যা চলি আছে। অতি কম দিনৰ ভিতৰতে এইখিনিও হৈ উঠিব। নতুনকৈ বহুতো বিদ্যালয়ৰ লগতে ভালেমান অঙ্গনাবাড়ী কেন্দ্ৰ বনোৱা হৈছে। তেও লগতে আৰু কয় যে পুৰ্বৰ সোতৰ বছৰত আমাৰ অঞ্চলৰ প্ৰতিগৰাকী মানুহে ভয়ত জীৱন অতিবাহিত কৰিব লগীয়া হৈছিল। চোৰ, ডকাইত হত্যা, লুণ্ঠন আদিৰ ভয়ত সকলোৱেই নিজৰ জীৱন শংকিত অৱস্থাত কটাইছিল। এতিয়া প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত সকলোৱেই শান্তিৰে দিন অতিবাহিত কৰা পৰিলক্ষিত হৈছে। প্ৰায় ডেৰ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত বি টিৰ ই এম ৰনেন্দ্ৰ নাৰ্জাৰীকে ধৰি আন কেবা গৰাকী শীৰ্ষপৰ্যায়ৰ নেতা উপস্থিত থাকে।” মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আচনি “ৰ  ৫টা পথৰ প্ৰায় ৪ কোটিৰো অধিক টকাৰে নিৰ্মান কৰিব লগীয়া পথকেইটি হৈছে- প্ৰদীপ বড়োৰ ঘৰৰ পৰা অমৰেন্ ব্ৰহ্মৰ ঘৰলৈ, চিলাৰায় মন্দিৰৰ পৰা কলবাৰী শিৱ মন্দিৰলৈ, উত্তৰ কলবাৰীৰ পৰা যদু কলিতাৰ ঘৰলৈ, ঝাৰকাটা চকৰ পৰা দুলাল চকলৈ, আৰু অম্বৰীশ নগৰ বজাৰৰ পৰা মিলনপুৰ বজাৰলৈ।
প্ৰেৰক বিজয় ৰাজবংশী
You might also like