নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই আৰক্ষীত Pushpa জ্বৰ, বেণ্ডত শুনা গ’ল এটি গানৰ সুৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ দক্ষিণ ভাৰতীয় ছবি পুষ্পা (Pushpa The Rise)ৰ স্ৰিভাল্লী গানটোৱে সকলোকে মুহিত কৰিছে। এনে বহুতো ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, যিটো ৰশ্মিকা মান্দন্না আৰু আল্লু অৰ্জুনৰ পুষ্পা ছবিখনৰ যি যাদু, সেয়া এতিয়াও যেন অক্ষুণ্ণ আছে। ৰৈ থকা নাই আৰক্ষীও। কিয়নো বিগত সময়ছোৱাত মুম্বাই আৰক্ষীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ আছে, য’ত পুষ্পা ছবিখনৰ স্ৰিভাল্লী গানটোত আৰক্ষীৰ জোৱানসকলে সুন্দৰ পৰিৱেশন আগবঢ়াইছে।

দক্ষিণ ভাৰতীয় ছবিজগতৰ তাৰকা আল্লু অৰ্জুনৰ ছবি পুষ্পাৰ উন্মাদনা বিশ্বৰ বহু ক্ৰিকেটাৰ আৰু সামাজিক মাধ্যমত প্ৰভাৱশালীসকলৰ ওপৰতো দেখা গৈছে। ছবিখনৰ শক্তিশালী সংলাপ আৰু আল্লু অৰ্জুনৰ ষ্টাইলে ইতিমধ্যে সামাজিক মাধ্যমত জুই লগাইছে।

চাওক আৰক্ষীসকলে পৰিৱেশন কৰা গানটো-

You might also like