নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰিটিছৰ দিনৰ স্বাস্থ্য বিভাগৰ বাসগৃহ ৰূপান্তৰিত হ’ব সৃষ্টিৰ কঠীয়াতলীলৈ

নগাঁওবাসীৰ বাবে সুখৰ বতৰা কঢ়িয়াই ডেৰশ বছৰীয়া ঐতিহ্য সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ পদক্ষেপত প্ৰাণ পাই উঠিব ডেৰশ বছৰীয়া এক গুৰুত্বপূৰ্ণ ঐতিহ্য।

উল্লেখ্য যে ব্ৰিটিছৰ দিনতে নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈ পাৰৰ নেহৰুবালিৰ সন্মুখত নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত ব্ৰিটিছে নিৰ্মাণ কৰিছিল স্বাস্থ্য বিভাগৰ চিভিল ছাৰ্জন আৰু এতিয়াৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ আৱাসগৃহ। অতি সুন্দৰভাৱে নিৰ্মাণ কৰা এই আৱাসগৃহ ২০ বছৰৰো অধিক কাল পৰিত্যক্ত হিচাপে পৰি আছিল। আৱাসগৃহটো জৰাজীৰ্ণ হৈ পৰিছিল। এই ঐতিহ্য বহনকাৰী আৱাসগৃহটো সংৰক্ষণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে আজি আৱাসগৃহটোৰ ঐতিহ্য সংৰক্ষণৰ বাবে আধাৰশিলা স্থাপন কৰা হয় ।

নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ উপস্থিতিত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই এই কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে বিধায়ক শৰ্মাই কয় যে এই ঐতিহ্য গৃহত নগাঁৱৰ দুশ বছৰীয়া সম্পদ সংৰক্ষণ হ’ব। এই ঐতিহ্য গৃহ চিন্তাশীলৰ সৃষ্টিৰ কঠীয়াতলীলৈ ৰূপান্তৰিত হ’ব। ইয়াত মিউজিয়াম থাকিব, কফী হাউছ, সভাগৃহ আদি থাকিব। এই গৃহটি হেৰিটেজ ছাইট হিচাপে নিৰ্মাণ কৰা হ’ব বুলি বিধায়ক শৰ্মাই জানিবলৈ দিয়ে। প্ৰাৰম্ভিক পৰ্যায়ত ডেৰ কোটি টকা ব্যয়সাপেক্ষে আৰম্ভ হ’ব এই প্ৰকল্পৰ কাম।

বিশেষ বাৰ্তা, নগাঁও, ১৫ মাৰ্চ :

You might also like