নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াত বালিভৰ্তি ডাম্পাৰৰ খুন্দাত এজনৰ প্ৰাণহানি, আহত ২

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ বৰভিঠাত আজি পুৱতি নিশা প্ৰায় ৩.৩০ বজাত বালিভৰ্তি ডাম্পাৰৰ খুন্দাত ঘোঁৰাগাড়ীত থকা যুৱক এগৰাকীৰ কৰুণ মৃত্যু হয়৷ জানিব পৰা মতে, গৰৈমাৰীৰ বৰভিঠাত আজি পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ভকুৱামাৰী চৰৰ পৰা পাচলি কঢ়িওৱা ঘোঁৰাগাড়ীৰ পিছপিনে দ্ৰুতবেগী বালিভৰ্তি এ এছ-২৫ ডিচি-৮৯৩৬ নম্বৰৰ ডাম্পাৰখনে প্ৰচণ্ড জোৰত খুন্দা মাৰে৷ ফলত ঘোঁৰাগাড়ীত থকা পাচলি বিক্ৰেতা ভকুৱামাৰী চৰৰ আজিবৰৰ পুত্ৰ আশ্ৰফ আলী (২২)ৰ থিতাতে মৃত্যু হয়৷

ইপিনে, ঘোঁৰাগাড়ী চালক একে গাঁৱৰে হাফিজ উদ্দিনৰ পুত্ৰ আব্দুল আলী (১৯) আৰু হাকিম আলীৰ পুত্ৰ জহুৰুল ইছলাম (২৪) গুৰুতৰভাৱে আহত হয়৷ আহত আব্দুল আলী আৰু জহৰুল হকক গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়৷ আনহাতে, ডাম্পাৰখনে ঘোঁৰাগাড়ীত খুন্দা মৰাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই আক্কাছ আলীৰ ঘৰৰ ওপৰত বাগৰি পৰে৷ গৰৈমাৰী আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মালৈ নি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে৷ কৃষক যুৱকগৰাকীৰ কৰুণ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷

নিয়মীয়া বাৰ্তা, সোণতলী, ১৫ মাৰ্চ :

You might also like