নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জৰ সোণাহাট স্থল বন্দৰত বিএছএফ-বিজিবিৰ গুৰুত্বপূৰ্ণ বৈঠক

নিয়মীয়া বাৰ্তা, ২২ মে’ : আজি ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সোণাহাট স্থল বন্দৰত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ ধুবুৰী ছেক্টৰৰ উপ-মহাপৰিদৰ্শক আৰু বোৰ্ডাৰ গাৰ্ডছ বাংলাদেশ (বিজিবি)ৰ ৰংপুৰ ছেক্টৰৰ প্ৰতিনিধিবৰ্গৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বাংলাদেশৰ ৰংপুৰ ছেক্টৰৰ উপ-মহানিৰ্দেশক মহম্মদ মামুনুৰ ৰছিদৰ নেতৃত্বত অহা বিজিবিৰ সেই দলটোক ধুবুৰী ছেক্টৰৰ উপ-মহাপৰিদৰ্শক আশুতোষ শৰ্মা, কমাণ্ডেন্ট সঞ্জীৱ যোশীকে ধৰি বিএছএফৰ অন্যান্য বিষয়াবৰ্গই উষ্ম আদৰণি জনায়। বৈঠকখনৰ আৰম্ভণিতে বিএছএফৰ ধুবুৰী ছেক্টৰৰ উপ-মহাপৰিদৰ্শক আশুতোষ শৰ্মাই কৃতজ্ঞতা জ্ঞাপন কৰি দুখন চুবুৰীয়া দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত বিদ্যমান আন্তৰিক সম্পৰ্ক আৰু ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত শান্তি বজাই ৰখাৰ বাবে বিজিবিক ধন্যবাদ জনায়। বৈঠকখনত ভাৰত আৰু বাংলাদেশৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত শান্তি-শৃংখলাৰ সৈতে জড়িত হৈ থকা বিভিন্ন গুৰুত্বপূৰ্ণ দিশবোৰক লৈ আলোচনা কৰে। বিএছএফ আৰু বিজিবি দুয়োপক্ষই গৰু আৰু ড্ৰাগছ সৰবৰাহৰ বিষয়টোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু সেয়া ৰোধ কৰাৰ স্বাৰ্থত বিশেষ কেতবোৰ পদক্ষেপ ল’বলৈ সহমত প্ৰকাশ কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like