নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অকস্মাৎ ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয় পৰিদৰ্শন আয়ুক্ত দিবাকৰ নাথৰ

নিয়মীয়া বাৰ্তা,  ২২ মে’ : বহু সময়ৰ পৰা ধুবুৰী চক্ৰ বিভাগৰ কাৰ্যালয়ৰ ভিতৰছোৱাত বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগকে ধৰি কাৰ্যালয়টোলৈ অহা সাধাৰণ ৰাইজৰ বহুতেই সৰু কাম এটাৰ বাবে হাৰাশাস্তি খাবলগীয়া হোৱা বিভিন্ন অভিযোগক লৈ অৱশেষত যেন গা লৰিল ধুবুৰী জিলা প্ৰশাসনৰ। তাকেই প্ৰতিপন্ন কৰি আজি কাৰ্যালয়টোত অকস্মাতে উপস্থিত হোৱা দেখা যায় ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথক। অৱশ্যে পৰিদৰ্শনৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত এয়া এক নিয়মিত পৰিদৰ্শন বুলি অভিহিত কৰি মাজে সময়ে চক্ৰ বিষয়াৰ কাৰ্য্যালয়সমূহ পৰিদৰ্শন কৰে বুলি দাবী কৰে জিলা আয়ুক্তগৰাকীয়ে। আনহাতে, সাংবাদিকসকলে ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত একাংশ মণ্ডলে বেচৰকাৰীভাৱে দুজন-তিনিজনকৈ লোক ৰখাৰ বিষয়টো উত্থাপন কৰাৰ পিছত জিলা আয়ুক্ত নাথে বৰ্তমানে কাৰ্য্যালয়টোত তেনেধৰণৰ কোন লোক উপস্থিত আছে নেকি বুলি প্ৰশ্ন কৰে। অৱশ্যে, যদি কোনো কোনো মণ্ডলৰ দুজন-তিনিজনকৈ মানুহ আছে তেতিয়াহ’লে সেই লোকসকলৰ তালিকা দিবলৈ সাংবাদিকসকলক কয় জিলা আয়ুক্তগৰাকীয়ে আৰু তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like