নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিএছএফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অভিযানত ৫৪টা গৰু উদ্ধাৰ

মহানগৰ বাৰ্তা, ২৫ নৱেম্বৰ : ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তা নিৰীক্ষণ কৰাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্রণ্টিয়াৰৰ ফালৰ পৰা তেওঁলোকক অৰ্পণ কৰা সীমান্তত যাতে কোনোধৰণৰ অবৈধ কাৰ্যকলাপ সংঘটিত হ’ব নোৱাৰে, তাৰ ওপৰত সদা সতৰ্ক দৃষ্টি ৰাখি আহিছে। ইয়াৰ অংশ হিচাপে আজি ৭৫ বেটেলিয়নৰ দল এটাই নিৰ্দিষ্ট তথ্যৰ ভিত্তিত ধুবুৰীৰ পৰা কিছু নিলগৰ কোচবিহাৰ জিলাৰ গোপালপুৰ ধুমাৰকাটা গাঁৱত বাংলাদেশ সীমান্তত বাংলাদেশলৈ নিবলৈ চেষ্টা কৰা ৫৪টা গৰু উদ্ধাৰ কৰে। বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰী কৰা অনুসৰি উদ্ধাৰ কৰা গৰুসমূহ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষক গতাই দিয়া হয় । উল্লেখযোগ্য যে বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত মানুহৰ লগতে গৰুসহ কোনোধৰণৰ নিষিদ্ধ আৰু চোৰাং সামগ্ৰী যাতে সৰবৰাহ হ’ব নোৱাৰে, তাৰ বাবে অহৰহ পহৰা দি অহাৰ লগতে এই ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে ।

প্ৰেৰক অমল কলিতা

You might also like