নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচত প্ৰথমবাৰৰ বাবে ৰ’বটিক ছাৰ্জাৰী

বিশেষ বাৰ্তা, ২৫ নৱেম্বৰ : অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এটা সুখবৰ। প্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰ’বটৰ জৰিয়তে সম্পন্ন হল অস্ত্ৰোপচাৰ। দেশৰ ভিন্ন প্ৰান্তৰ আগশাৰীৰ হাস্পতালত ৰ’বটে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ লেখীয়াকৈ আজি প্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অস্থিৰোগ বিভাগত অস্ত্ৰোপচাৰ সম্পন্ন হয়। মুম্বাইৰ পৰা অনা ৰ’বটৰ জৰিয়তে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগেৰে কিদৰে সফলভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পাৰি, সেই দিশত আজি এখোজ আগুৱায় জি এম চি এইচ কৰ্তৃপক্ষ। অস্থিৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ হৰমান ফাংক আৰু জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ তৎপৰতাত প্ৰথমবাৰৰ বাবে সম্পন্ন হয় ৰ’বটিক ছাৰ্জাৰী।উল্লেখযোগ্য যে ৰ’বটৰ প্ৰয়োগ সফল হ’লেই স্থায়ীভাৱে জি এম চি এইচলৈ ৰ’বট অনা হ’ব বুলি মন্তব্য কৰিছে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই। অত্যাধুনিক ৰ’বটৰ জৰিয়তে অস্ত্ৰোপচাৰ সম্পূৰ্ণ হ’লে চিকিৎসকৰ সময় ৰাহি হোৱাৰ লগতে ৰোগীৰ অস্ত্ৰোপচাৰ অতি নিখুঁতভাৱে হ’ব বুলি উল্লেখ কৰে অস্থিৰোগ বিশেষজ্ঞ ডাঃ হাৰমান ফাংকে। উল্লেখযোগ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰ’বটৰ জৰিয়তে অস্ত্ৰোপচাৰ কৰিবলৈ ৰ’বটৰ প্ৰয়োজনীয়তাৰ ওপৰত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে জি এম চি এইচ কৰ্তৃপক্ষই। অসমৰ চৰকাৰী চিকিৎসালয়ত ৰ’বটৰ জৰিয়তে অস্ত্ৰোপচাৰ সম্পন্ন হ’লে বহি:ৰাজ্যলৈ চিকিৎসাৰ বাবে ঢপলিয়াই যোৱাসকলে গুৱাহাটীতে পাব চিকিৎসাৰ সুবিধা।

You might also like