নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিৰ ১২ সমষ্টিত কংগ্রেছ–ইউডিএফে চলাব যুটীয়াভাৱে প্রচাৰ

দিছপুৰৰ বৈঠকত সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ আজিৰে পৰা কংগ্রেছ আৰু এআইইউডিএফে হেলিকপ্টাৰ উৰুৱাই বিটিচিত নির্বাচনী প্রচাৰ আৰম্ভ কৰিব৷ যুটীয়াভাৱে বিটিচি নির্বাচনত অৱতীর্ণ হোৱা দল দুটাই কাইলৈৰ পৰা যৌথভাৱে নির্বাচনী প্রচাৰত নামি পৰিব৷ মঙলবাৰে সন্ধিয়া দিছপুৰ বিধায়ক আৱাসত অনুষ্ঠিত দল দুটাৰ এখন বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে এই প্রচাৰত ষ্টাৰ কেম্পেইনাৰ হিচাপে অংশগ্রহণ কৰিব৷ দুয়োটা দলৰ সিদ্ধান্ত অনুসৰি কংগ্রেছে প্রার্থিত্ব দিয়া ৬টা পৰিষদীয় সমষ্টি আৰু এআইইউডিএফে প্রার্থিত্ব দিয়া ৬টা পৰিষদীয় সমষ্টি মুঠ ১২টা পৰিষদীয় সমষ্টিত দল দুটাৰ নেতৃত্বই যৌথভাৱে প্রচাৰ চলাব৷ এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি বৰা আৰু এআইইউডিএফৰ সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলামে জানিবলৈ দিয়া মতে, এইবাৰৰ বিটিচি নির্বাচনত তেওঁলোকে ভাল ফলাফল প্রদর্শন কৰাৰ লগতে নতুন পৰিষদ গঠন কৰাৰ ক্ষেত্রত তেওঁলোকে নির্ণায়ক ভূমিকা গ্রহণ কৰিব৷

উল্লেখ্য যে এইবাৰৰ বিটিচি নির্বাচনত কংগ্রেছে ১৩টা আৰু এআইইউডিএফে ৭টাসহ মুঠ ২০টা পৰিষদীয় সমষ্টিত প্রার্থিত্ব আগবঢ়াইছে৷ বিগত দিনসমূহতো কংগ্রেছ আৰু এআইইউডিএফৰ নেতৃত্বই যৌথভাৱে প্রচাৰ চলাই আহিছে যদিও প্রদেশ কংগ্রেছৰ সভাপতি আৰু এআইইউডিএফৰ সভাপতিয়ে একেলগে নির্বাচনী প্রচাৰ অভিযানত অংশগ্রহণ কৰা নাছিল৷ আজি পৰা দুয়োটা দলৰ সভাপতিয়ে একেলগে নির্বাচনী প্রচাৰত অংশগ্রহণ কৰিব৷  প্রথম দিনা মুদৈবাৰী, পর্বতঝোৰা, ননৈ–ছেৰফাং আৰু পাঁচনৈ ছেৰফাং পৰিষদীয় সমষ্টি চাৰিটাত কংগ্রেছ আৰু এআইইউডিএফে যৌথ নির্বাচনী প্রচাৰ চলাব৷

You might also like